অসম

assam

এমাহে শুংসূত্ৰ নাই অপহৃত কিশোৰীৰ

By

Published : Nov 19, 2020, 7:56 PM IST

নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজানত চৈধ্য বছৰীয়া কিশোৰীক অপহৰণ । বিগত‌ এমাহে সন্ধান নাই অপহৃত কিশোৰীগৰাকীৰ ৷

girl kidnaped at rupohihat nagaon assam etv bharat news
ৰূপহীহাটত অপহৃত কিশোৰী

চামগুৰি,19 নৱেম্বৰ:এগৰাকী কিশোৰীৰ অপহৰণক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে নগাঁৱৰ ৰূপহীহাটত ৷ ৰূপহীহাটৰ গড়াজানত চৈধ্য বছৰীয়া এগৰাকী কিশোৰীক বিগত এমাহ পূৰ্বে অপহৰণ কৰে দুৰ্বৃত্তই ৷ প্ৰাপ্ত তথ্য অনুসৰি, হাতীপুখুৰী গাঁৱৰ দীপেন মণ্ডল নামৰ যুৱকজনে তিনিজন সহযোগীৰ সৈতে মিলি একেখন গাঁৱৰে ইন্দ্ৰজিৎ বিশ্বাস নামৰ লোকজনৰ কন্যাক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে ৷

ৰূপহীহাটত অপহৃত কিশোৰী

ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে গড়াজান আৰক্ষী পহৰা চকী তথা ৰূপহীহাট আৰক্ষী থানাত পৃথকে পৃথকে দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰ দাখিলৰ পিছতো বিগত এমাহে কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ লাভ নকৰাত মানসিকভাৱে ভাঙি পৰিছে কিশোৰীগৰাকীৰ পৰিয়াল ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ প্ৰশাসনক কাতৰ আহ্বান জনাইছে ৷

লগতে চাওকঃনিষিদ্ধ ড্ৰাগছসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী

ABOUT THE AUTHOR

...view details