অসম

assam

By

Published : May 16, 2019, 7:32 PM IST

ETV Bharat / state

নগাঁওত উৎখাত কেঁকো সাপৰ চোৰাং ব্যৱসায়

গোপন সুত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় কেঁকো সাপৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ এগৰাকী ব্যৱসায়ী ৷

কেঁকো সাপ


নগাঁও, 16 মেঃ গ্ৰাহকৰ ৰূপত নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ এটি চক্ৰ ৷ বৃহস্পতিবাৰে দুস্প্ৰাপ্য কেঁকো সাপসহ এগৰাকী লোকক আটক কৰে নগাঁও আৰক্ষীয়ে ৷ চামগুৰিৰ টিংকু ৰহমান নামৰ ব্যৱসায়ীগৰাকীয়ে পাঁচলি ব্যৱসায়ীৰ ৰূপ লৈ চলাই আছিল এই ব্যৱসায় ৷ ইতিমধ্যে আৰক্ষীয়ে টিংকু ৰহমানক আটক কৰাৰ লগতে এটি দুস্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

কেঁকো সাপ

নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চলা অভিযানত এইদৰে সাফল্য লাভ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ৷ নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই চক্ৰৰ সৈতে আৰু অধিক লোক জড়িত থাকিব পাৰে আৰু সেইসকল লোকৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত থাকিব ৷

ABOUT THE AUTHOR

...view details