অসম

assam

ETV Bharat / state

ৰেল বিভাগত ভুৱা নিযুক্তিৰে ধন আত্মসাৎ প্ৰৱঞ্চকৰ - শাখাৰ অভিযান

নগাঁৱ আৰক্ষীৰ নগৰ শাখাৰ অভিযানত গ্ৰেপ্তাৰ ৰেল বিভাগত চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰা হিৰণ্য কাকতি নামৰ এটা প্ৰবঞ্চক

ৰেল বিভাগত কেলেংকাৰী

By

Published : Apr 2, 2019, 4:00 PM IST

Updated : Apr 2, 2019, 10:54 PM IST

নগাওঁ, ২ এপ্ৰিলঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ কেলেংকাৰীৰ পাছত এইবাৰ বৃহৎ কেলেংকাৰী ৰেল বিভাগত । কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহ জিলাতে হয় ৰেল বিভাগৰ ভুৱা নিযুক্তি । দীৰ্ঘদিন ধৰি নগাওঁ আৰু মৰিগাঁৱত নিজ ডিমৌৰ হিৰণ্য কাকতি নামৰএজনপ্ৰৱঞ্চকেচাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি আহিছিল । প্ৰৱঞ্চকজনে চাকৰি দিয়াৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা তিনি-চাৰি লাখ পৰ্যন্ত টকা লোৱাৰ অভিযোগ উথ্থাপিত হোৱাৰ উপৰিও মৰিগাঁও জিলাৰ চিন্তামণি কোঁৱৰ নামৰ এগৰাকী মহিলাৰ পৰা তিনি লাখ টকা লৈছিল চাকৰি দিয়াৰ নামত ।

ৰেল বিভাগত কেলেংকাৰী
সেই অনুসৰিধনৰ বাবদ চিন্তামণিয়ে পাইছিল গুৱাহাটী মালিগাঁৱ ৰেলৱে হাস্পতালৰ নাৰ্ছৰ এখন নিযুক্তি পত্ৰ । নিযুক্তি পত্ৰ লৈ চিন্তামণিয়ে যেতিয়া মালিগাঁৱত যোগদান কৰিবলৈ যায় তেতিয়াহে ওলাই প্ৰকৃত সত্য । প্ৰকৃতাৰ্থত হিৰণ্য কাকতিয়ে চিন্তামণিক দিছিল এখন ভুৱা নিযুক্তিপত্ৰ ।যাৰ বাবে চাকৰিত যোগদান নকৰাকৈ উভতি আহিবলগীয়া হয় চিন্তামণি । ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় আৰু মঙলবাৰে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত নগাওঁ আৰক্ষীৰ নগৰ শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক হিৰণ্য কাকতিক ।
Last Updated : Apr 2, 2019, 10:54 PM IST

ABOUT THE AUTHOR

...view details