অসম

assam

ETV Bharat / state

নগাঁৱত স্থাপন হ'ব প্ৰথমখন চৰকাৰী আইন মহাবিদ‍্যালয়

চলিত মাহৰ 27 তাৰিখে অৰ্থাৎ পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাই অবিভক্ত নগাঁও জিলাৰ প্ৰথমখন চৰকাৰী আইন মহাবিদ‍্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ‍্যৰ শিক্ষা তথা স্বাস্থ‍্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷

নগাঁৱত স্থাপন হ'ব প্ৰথমখন চৰকাৰী আইন মহাবিদ‍্যালয়
নগাঁৱত স্থাপন হ'ব প্ৰথমখন চৰকাৰী আইন মহাবিদ‍্যালয়

By

Published : Feb 23, 2021, 4:12 PM IST

কলিয়াবৰ,23ফেব্ৰুৱাৰী: অবিভক্ত নগাঁও জিলাৰ প্ৰথমখন চৰকাৰী আইন মহাবিদ‍্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব কলিয়াবৰত। সেই উপলক্ষে চলিত মাহৰ 27 তাৰিখে অৰ্থাৎ পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাই প্ৰস্তাৱিত আইন মহবিদ‍্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি জনালে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। তদুপৰি একেদিনাই অসম সমবায় মৰাপাট কল শিলঘাটৰ 2য়টো গোটৰ বিহডুবিত আধাৰশিলা স্থাপন কৰা হ'ব বুলি উল্লেখ কৰিলে জখলাবন্ধা মিলন সংঘৰ নৱনিৰ্মিত মুকলি মঞ্চ আৰু প্ৰেক্ষাগৃহৰ উদ্বোধনী অনুষ্ঠানত।

নগাঁৱত স্থাপন হ'ব প্ৰথমখন চৰকাৰী আইন মহাবিদ‍্যালয়

উল্লেখ্য যে, 1948 চনতে স্থাপন হোৱা জখলাবন্ধা মিলন সংঘৰ নৱনিৰ্মিত মুকলি মঞ্চ আৰু প্ৰেক্ষাগৃহটিৰ আনুষ্ঠানিক ভাৱে মুকলি কৰি ক’লে, বোঁৱতী কলঙৰ সপোন অহা বৰ্ষৰ বাৰিষাত পূৰ্ণ হ'ব ৷ ইতিমধ‍্যে শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য‍ আৰু খনন কাৰ্য‍ দ্ৰুত গতিত আগবাঢ়িছে ৷ লগতে 27 তাৰিখে হ’ব লগীয়া অবিভক্ত নগাঁও জিলাৰ প্ৰথমখন চৰকাৰী আইন মহাবিদ‍্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ‍্যৰ শিক্ষা তথা স্বাস্থ‍্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলিও জানিবলৈ দিয়ে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক:টীয়কত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

ABOUT THE AUTHOR

...view details