অসম

assam

ETV Bharat / state

বন্যহস্তীৰ মৃত্যুৰ তদন্ত কৰিবলৈ কন্দলী পাহাৰত উপস্থিত বনমন্ত্ৰী

বামুনীৰ সমীপৰ কন্দলী পাহাৰত মৃত্যু হোৱা ১৮ টাকৈ হাতীৰ মৃত্যুৰ তদন্ত কৰাৰ উদ্দেশ্যে কন্দলী পাহাৰত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ বনমন্ত্ৰীগৰাকীয়ে ঘটনাৰ বুজ লৈ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচতহে হাতীকেইটাৰ মৃত্যুৰ আঁৰৰ ৰহস্য জানিব পৰা যাব বুলি সদৰী কৰে ৷

parimal suklabaidya at kandali hills
কন্দলী পাহাৰত উপস্থিত বনমন্ত্ৰী

By

Published : May 14, 2021, 2:21 PM IST

Updated : May 14, 2021, 5:35 PM IST

বঢ়মপুৰ, 14 মে’ : নগাওঁ জিলাৰ বামুনীৰ সমীপৰ কন্দলী পাহাৰত মৃত্যু হোৱা 18 টাকৈ হাতীৰ মৃত্যুৰ তদন্ত কৰিবলৈ শুকুৰবাৰে কন্দলী পাহাৰত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ পাহাৰত উপস্থিত হৈ বনমন্ত্ৰীৰ লগতে জিলা উপায়ুক্ত আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে মৃত হাতীকেইটা প্ৰত্যক্ষ কৰে ।

উল্লেখ্য যে, কন্দলী ফায়াৰিং ফিল্ডৰ সমীপৰ পাহাৰত বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা ৷ স্থানীয় একাংশই সন্দেহ কৰা অনুসৰি, বিষাক্ত উদ্ভিদ ভক্ষণ কৰাৰ ফলত বন্যহস্তী কেইটাৰ মৃত্যু হৈছে ৷ ইফালে মৃত হাতীজাকৰ ওচৰৰ গছসমূহ মৰহি যোৱাক লৈ লক্ষ্য কৰি বজ্ৰপাতত হাতীকেইটাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

বন্যহস্তীৰ মৃত্যুৰ তদন্ত কৰিবলৈ কন্দলী পাহাৰত উপস্থিত বনমন্ত্ৰী

মৃত হাতী কেইটাৰ ভিতৰত 4 টা হাতী পাহাৰৰ নামনিত উদ্ধাৰ কৰাৰ বিপৰীতে বাকী 14 টা হাতী উদ্ধাৰ হৈছে পাহাৰৰ শিখৰত ৷ ঘটনাস্থলীত ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়া, পশু চিকিৎসক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

বনমন্ত্ৰীগৰাকীয়ে মৃত বন্যহস্তীৰ জাকটোত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাচতে মৃত হাতীৰ জাকটো সমাধিস্থ কৰাৰ বাবে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰে । চিকিৎসকসকলে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচতহে হাতীকেইটাৰ মৃত্যুৰ আঁৰৰ ৰহস্য জানিব পৰা যাব বুলি বনমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক :ডিমা হাছাওত ক’ভিড নীতিক লৈ কঠোৰ জিলা প্ৰশাসন

Last Updated : May 14, 2021, 5:35 PM IST

ABOUT THE AUTHOR

...view details