কলিয়াবৰ,জুলাই 24 : বিধ্বংসী বানে জুৰুলা কৰি গ'ল ৰাজ্যবাসীক ৷ ৰাজ্যৰ প্ৰায় অৰ্ধশতাধিক লোকে প্ৰাণ হেৰুৱালে শেহতীয়া বানত ৷ বৰ্তমানেও অৱশ্যে সুস্থিৰ হোৱা নাই বানাক্ৰান্তৰ অৱস্থা ৷ ইয়াৰ মাজতে কলিয়াবৰত বানত প্ৰাণ হেৰুওৱা লোকক সাহায্য প্ৰদান কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷
বানত মৃত্যু হোৱা জীতেনৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য - কলিয়াবৰ
কলিয়াবৰত বানত প্ৰাণ হেৰুওৱা লোকক সাহায্য প্ৰদান কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ যোৱা 14 জুলাইত বানত প্ৰাণ হেৰুৱাইছিল কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ-বাগিছাৰ জীতেন মাঝি নামৰ এজন লোকে ৷ জীতেন মাঝিৰ পৰিয়াললৈ চাৰিলাখ টকাৰ সাহায্য প্ৰদান কৰে ৷
জীতেনৰ পৰিয়াললৈ চাৰিলাখ টকাৰ সাহায্য
যোৱা 14 জুলাইত বানত প্ৰাণ হেৰুৱাইছিল কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ-বাগিছাৰ জীতেন মাঝি নামৰ এজন লোকে ৷ লোকজনৰ মৃত্যুৰ পাচতেই মৃতকৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা কৰিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ মঙলবাৰে মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগৰ সৈতে জীতেন মাঝিৰ বাসগৃহত উপস্থিত হৈ চাৰিলাখ টকাৰ সাহায্য প্ৰদান কৰে ৷
Last Updated : Jul 24, 2019, 3:12 PM IST