অসম

assam

ETV Bharat / state

বানাক্ৰান্ত কলংপাৰবাসী, চাৰিটা বছৰে নাপালে সাহাৰ্য

কলিয়াবৰৰ কলংপাৰৰ সংহাৰী বানে (Flood) অতিক্ৰম কৰিলে চাৰিটা বছৰ ৷ কিন্তু আজিলৈকে বান সাহাৰ্য নাপালে কলংপৰীয়া ৰাইজে ৷ চৰকাৰৰ প্ৰতিশ্ৰুতি হৈ থাকিল কেৱল প্ৰতিশ্ৰুতি ৷

By

Published : Aug 13, 2021, 12:57 PM IST

flood at kolongpar
কলংপাৰত বান

কলিয়াবৰ, 13 আগষ্ট : 2017 চনৰ আগষ্ট মাহ ৷ সংহাৰী বানে(Flood) সকলো কাঢ়ি নিছিল কলংপৰীয়া ৰাইজৰ ৷ পুৱতি নিশা ব্ৰহ্মপুত্ৰৰ হাতীমুৰা বান্ধ ভঙাৰ ফলত বাঢ়নী পানীয়ে কলিয়াবৰৰ কলংপাৰৰ ৰাইজৰ ঘৰ-দুৱাৰ উটুৱাই লৈ যায় ৷ প্ৰৱল বানত সৰ্বস্ব হেৰুৱাই আশ্ৰয়হীন হৈ পৰিছিল কলংপাৰবাসী ৷ এই ভয়াৱহ বানৰ চাৰিটা বছৰ পাৰ হ’ল ৷ কিন্তু আজিলৈকে বানৰ ক্ষতিপূৰণ নাপালে এইসকল লোকে ৷

বিগত লোকসভা নিৰ্বাচনৰ দহ দিন পাচতেই বানত ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিব বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিও ফুটুকাৰ ফেনতহে পৰিণত হ’ল ৷ এইবেলি বিধানসভা নিৰ্বাচনতো মুখ্যমন্ত্ৰীয়ে দিয়া সেই একেই প্ৰতিশ্ৰুতি এতিয়ালৈকে পূৰণ হোৱা দেখা নাই ৷

কলংপাৰত বান

2018 চনত 8 আগষ্টত কলিয়াবৰ মহকুমা প্ৰশাসনে বানাক্ৰান্তসকলৰ মাজত বিতৰণ কৰিছিল কেইখনমান ডেম’ চেক(Demo Check) । কিন্তু বানাক্ৰান্তৰ সাহাৰ্যৰ তালিকাত ব্যাপক বিসংগতি হোৱাত প্ৰশাসনে বাতিল কৰিছিল হিতাধিকাৰীৰ তালিকা ।

লগতে পঢ়ক :কলিয়াবৰত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা লালি গুড় জব্দ

পুনৰ বানত ক্ষতিগ্ৰস্ত 4948 টা পৰিয়ালক মুঠ 8 কোটি 84 লাখ 72 হাজাৰ 100 টকাৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰিছিল প্ৰশাসনে । কিন্তু বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত প্ৰশাসনে বন্ধ কৰি দিছিল মঞ্জুৰী পত্ৰৰ কাম । তাৰ পাচতে ৰাইজৰ প্ৰতিবাদত নিলম্বন কৰা হয় 5 গৰাকী চৰকাৰীকৈ গাঁওবুঢ়াক ৷

কিন্তু ফলাফল একো নোলাল, অথচ পুনৰ বাহাল হ’ল গাঁওবুঢ়াৰ চাকৰি ৷ দুৰ্নীতি, স্বজন-তোষণৰ পৰিণতিত বানত ক্ষতিগ্ৰস্ত পৰিয়ালে আজিও নাপালে বান সাহাৰ্য । কলিয়াবৰীয়া ৰাইজক চৰকাৰে দিয়া তদন্তৰ প্ৰতিশ্ৰুতিৰ পাচতো নোলাল ক্ষতিপূৰণ তালিকা, পোহৰলৈ নাহিল কেলেংকাৰীত জড়িত লোকৰ নাম ৷ দুবাৰকৈ তদানীন্তন বিত্ত মন্ত্ৰীৰ ঘোষণাও নিৰ্বাচনী প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ থাকিল ৷ বান আহিল বান গ’ল, কিন্তু ক্ষতিপূৰণ আজিলৈকে নহ’ল ৷

লগতে পঢ়ক :আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত জালিয়াতি কৰি তেজপুৰত গ্ৰেপ্তাৰ এজন

ABOUT THE AUTHOR

...view details