অসম

assam

ETV Bharat / state

কামপুৰত অব্যাহত কপিলী নৈৰ তাণ্ডৱ - কপিলী নৈ

পানীত পৰিল জল সম্পদ বিভাগে নিৰ্মাণ কৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা । কপিলী নৈৰ বাঢ়নী পানীত এতিয়া পশ্চিম গুইমাৰীৰ বহুলোকৰ ঘৰ বানৰ তলত ৷

কপিলী নৈৰ তাণ্ডৱ

By

Published : Jul 14, 2019, 4:00 PM IST

নগাঁও, 14 জুলাই : পানীত পৰিল জল সম্পদ বিভাগে নিৰ্মাণ কৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা । 1 কোটি 90 লাখ টকাৰে নিৰ্মাণ কৰা শৈল্য বান্ধৰ ওপৰেৰে পানী বোৱাত কামপুৰৰ গুইমাৰী অঞ্চলৰ দহ খনতকৈ অধিক গাঁৱলৈ নামি আহিছে সংকট । তাৰোপৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁও প্লাৱিত হৈ পৰাৰ লগতে কামপুৰ আৰু গৰুবাট মৌজাৰ বহুগাঁও প্লাৱিত হৈ পৰিছে । কপিলী নৈৰ বাঢ়নী পানীত এতিয়া পশ্চিম গুইমাৰীৰ বহুলোকৰ ঘৰ বানৰ তলত | ইপিনে বানাক্ৰান্তসকলে কেম্প সাজি মথাউৰিত থাকিবলগীয়া হোৱাৰ লগতে খাদ্য সংকটত ভুগিছে বানাক্ৰান্তসকলে |

কপিলী নৈৰ তাণ্ডৱ

যদিও বৰ্তমানেও বন্যাৰ্তৰ খৱৰ ল'বলৈ আহৰি হোৱা নাই ৰহা সমষ্টি বিধায়ক ডীম্বেশ্বৰ দাস আৰু প্ৰশাসনৰ লোকৰ | ইফালে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে বান পৰিস্থিতিৰ বুজ লবলৈ গুইমাৰীত উপস্থিত হৈ বানাক্ৰান্তসকলৰ লগত দুখ দুৰ্দশাৰ বুজ লৈ নিশাৰ খাদ্য ব্যৱস্থা কৰি দিয়ে | লগতে ৰুবুল দাসে অতি শীঘ্ৰে জিলা প্ৰশাসন আৰু চৰকাৰে বানাক্ৰান্তসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷

ABOUT THE AUTHOR

...view details