অসম

assam

ETV Bharat / state

ফেনে ফুটুকাৰে বাঢ়িছে বৰপানী : কবলত বহুকেইখন গাঁও - flood Effect in kampur

ৰহা সমষ্টিৰ মাধৱপাৰা প্ৰমিলা সংযোগী বৰপানী নদীৰ মাথাউৰি প্ৰায় 20 ফুট ভাঙি যোৱাত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতি সাধন হোৱাৰ লগতে কামপুৰ ৰাজহ চক্ৰৰ মাধৱপাৰা, প্ৰমিলা, জুৰিপাৰ, কচুৱা আদি পঞ্চায়তৰ ব্যাপক বড়ো ধানৰ কৃষি ভূমিৰ ব্যাপক ক্ষতি সাধন হয় ।

flood Effect in kampur
ফেনেফুটুকাৰে বাঢ়িছে নগাঁওৰ বৰপানী নৈঃকবলত বহুকেইখন গাঁও

By

Published : May 22, 2020, 11:15 AM IST

বঢ়মপুৰ, 22মে': ৰাজ্যত এতিয়া ইটোৰ পিছত আনটোৰ সন্ত্ৰাস ৷ এফালে যদি কৰ'ণা ভাইৰাছৰ আতংক আনফালে আকৌ বানপানীৰ ত্ৰাস ৷ ভয়ংকৰ "আম্ফান"ৰ ফলত এতিয়া ৰাজ্যত ধাৰাষাৰ বৰষুণ ৷ 24 ঘণ্টা ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে নগাঁওৰ বৰপানী নৈ ৷ যাৰ বাবে বৃহস্পতিবাৰে নিশা ৰহা সমষ্টিৰ মাধৱপাৰা প্ৰমিলা সংযোগী বৰপানী নদীৰ মাথাউৰি প্ৰায় 20 ফুট ভাঙি যোৱাত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতি সাধন হোৱাৰ লগতে কামপুৰ ৰাজহ চক্ৰৰ মাধৱপাৰা, প্ৰমিলা, জুৰিপাৰ, কচুৱা আদি পঞ্চায়তৰ কৃষক ৰাইজৰ ব্যাপক বড়ো ধানৰ কৃষি ভূমি ক্ষতি সাধন হয় । ইয়াৰ উপৰিও বহু সংখ্যক বাসগৃহ এতিয়া পানীৰ তলত ৷

ফেনেফুটুকাৰে বাঢ়িছে নগাঁওৰ বৰপানী নৈঃকবলত বহুকেইখন গাঁও

আনহাতে, ভাঙি নিয়া মথাউৰিটো অতিশীঘ্ৰে নিৰ্মাণ কৰিবৰ বাবে দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত কৃষকs ক্ষতিপূৰণৰো দাবী জনায় চৰকাৰক ৷

ফেনেফুটুকাৰে বাঢ়িছে নগাঁওৰ বৰপানী নৈঃকবলত বহুকেইখন গাঁও

লগতে পঢ়কঃবৈষম্যৰ অভিযোগঃ 300 নাৰ্ছে চাকৰি ত্যাগ কৰি এৰিলে কলকতা

ABOUT THE AUTHOR

...view details