অসম

assam

ETV Bharat / state

চামগুৰিৰ ৰাজপথত জ্বলিল শিলভৰ্তি ডাম্পাৰ

সোমবাৰে চামগুৰিৰ ৰঙাগড়াত সংঘটিত হয় এক অঘটন ৷ ৰাজপথতে দাউ-ডাউকৈ জ্বলি উঠে এখন শিল ভৰ্তি ডাম্পাৰ ৷ নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী বৰজুৰিৰ পৰা আমনিলৈ শিল কঢ়িয়াই আনিছিল ডাম্পাৰখনে ৷ যান্ত্ৰিক বিজুতিৰ বাবেই ডাম্পাৰখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷

By

Published : Mar 8, 2021, 12:16 PM IST

fire-in-dumper
চামগুৰিৰ ৰাজপথত দাউদাউকৈ জ্বলিল শিলভৰ্তি ডাম্পাৰ

চামগুৰি,8 মাৰ্চ:সোমবাৰে চামগুৰিৰ ৰঙাগড়াত সংঘটিত হয় এক অঘটন ৷ ৰাজপথতে দাউ-ডাউকৈ জ্বলি উঠে এখন শিল ভৰ্তি ডাম্পাৰ ৷ নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী বৰজুৰিৰ পৰা আমনিলৈ শিল কঢ়িয়াই আনিছিল ডাম্পাৰখনে ৷ স্থানীয় ৰাইজৰ সহযোগত ডাম্পাৰৰ চালকসহ হেণ্ডিমেনে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও অগ্নি নিৰ্বাপনত ব্যৰ্থ হয় ৷

ইয়াৰ পিচত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বহু সময়ৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, যান্ত্ৰিক বিজুতিৰ বাবেই ডাম্পাৰ খনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়কঃটিকট বঞ্চিত সত্যব্ৰত কলিতাক কটাক্ষ দিগন্ত কলিতাৰ

ABOUT THE AUTHOR

...view details