বটদ্ৰৱা,20 মে' : উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি বটদ্ৰৱাত তিনি তালাক । কোলাত কেঁচুৱা লৈ আৰক্ষীৰ দুৱাৰে-দুৱাৰে ভুক্তভোগী মহিলা ।
কোলাত কেঁচুৱা লৈ বটদ্ৰৱাত তিনি তালাকৰ বিৰুদ্ধে এজাহাৰ দাখিল মহিলাৰ - তিনি তালাক
উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি বটদ্ৰৱাৰ বাটমাৰীত স্বামীয়ে পত্নীক দিলে তিনি তালাক । স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও এজাহাৰ দাখিল কৰাৰ 45 দিন পাৰ হৈ যোৱাৰ পাচতো বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ।
উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি বটদ্ৰৱাৰ বাটমাৰীত স্বামীয়ে পত্নীক দিলে তিনি তালাক । উল্লেখ্য যে,বটদ্ৰৱাৰ বাটমাৰীৰ ইক্ৰামুল হুছেইন নামৰ লোকজনে একে গাঁৱৰে ৰহিমা খাতুন নামৰ মহিলাগৰাকীৰ লগত চাৰি বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ৷ কিন্তু পাচলৈ এটি কন্যা সন্তানৰ পিতৃ ইক্ৰামুল হুছেইনে পত্নী ৰহিমা খাতুনক মাৰ-ধৰ কৰি তিনি তালাক দিয়ে । এই সংক্ৰান্তত ভুক্তভোগী মহিলাগৰাকীয়ে বটদ্ৰৱা থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও এজাহাৰ দাখিল কৰাৰ 45 দিন পাৰ হৈ যোৱাৰ পাচতো বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ।
তদুপৰি স্বামী ইক্ৰামুলৰ বিৰুদ্ধে পত্নীয়ে এজাহাৰ দাখিল কৰি ৯০/২০১৯ , ৪৯৮ (A) নম্বৰত গোচৰ ৰুজু কৰিছে যদিও পুনৰ বিবাহ কৰোৱাত আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইক্ৰামুলৰ বিৰুদ্ধে ৷ এতিয়া প্ৰশ্ন হয়, লোকৰ ঘৰে-ঘৰে কাম কৰি জীৱন সংগ্ৰাম চলাই থকা ৰহিমাই পাবনে ন্যায় ? কেৱল ইমানেই নহয়,উচ্চতম ন্যায়ালয়ৰ তিনি তালাক নিষেধাজ্ঞাৰ পাচতো কি ভিত্তিত ইক্ৰামুলে নিজ পত্নীক দিলে তিনি তালাক? সেই প্ৰশ্নই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।