নগাঁও, 26 অক্টোবৰ :নগাঁও চহৰৰ ৰুকচানা তাব্বাচুমে চলচ্চিত্ৰৰ ক্ষেত্ৰত ৰাষ্ট্রীয় বঁটা লাভ কৰি নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোমবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰোকচানাক উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে এই বটা প্ৰদান কৰে । ৰুকচানাই ৰজত কমল বঁটা লাভ কৰিছে । নগাঁও চহৰৰ এ ডি পি পথৰ ( নতুন বজাৰ ) বাসিন্দা বৰ্তমান মুম্বাইত কৰ্মৰত ৰুকচানাই ২০১৮ চনত কেক ষ্টৰী নামৰ চুটি ছবিখনৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ।
ৰজত কমল বঁটাৰে উজ্বলিল নগাঁৱৰ আন এগৰাকী সু-সন্তান - ৰাষ্ট্ৰীয় বঁটা
চলচ্চিত্ৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে নগাঁৱৰ ৰুকচানা তাবাচ্চুমেও । ৰজত কমল বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে ৷
ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে নগাঁৱৰ ৰুকচানা আব্বাচুমে
২০১৯ চনত apples and oranges নামৰ চুটি ছবিখন Beast education picture হিচাপে জুৰীৰ দ্বাৰা নিৰ্বাচিত হয় । ৰুকচানা এগৰাকী লিখক, পৰিচালক , চিত্ৰ শিল্পী হিচাপে মুম্বাইত সুখ্যাতিৰে কাম কৰি আহিছে । চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ কেবাখনো চুটি ছবিয়ে ইতিমধ্যে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত হোৱা চলচ্চিত্ৰ মহোৎসৱত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :বিৰোধী এক নোহোৱা বাবেই থাওৰাৰ ৰাজনৈতিক পৰিৱেশ ধুঁৱলী-কুঁৱলী : কৃষ্ণ গগৈ
Last Updated : Oct 26, 2021, 10:57 PM IST