অসম

assam

By

Published : Jul 12, 2022, 2:23 PM IST

ETV Bharat / state

Felicitation ceremony at Dhing: মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন(Block Congress felicitates students in Dhing) । বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে ছাত্ৰ-ছাত্ৰীসকলক । উক্ত সম্বৰ্ধনা অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আগবঢ়াই সাৰুৱা ভাষণ (MP Gaurav Gogoi present at felicitation ceremony in Dhing) ।

felicitation ceremony for students in dhing
Felicitation ceremony at Dhing: মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ধিং,১২ জুলাই:বিগত বৰ্ষসমূহৰ দৰে এই বেলিও হাইস্কুল-হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা ধিং সমষ্টিৰ অন্তৰ্গত শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক কংগ্ৰেছ দলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে(Block Congress felicitates students in Dhing) । বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটী আৰু ধিং সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটীৰ সহযোগত মংগলবাৰে আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে(MP Gaurav Gogoi present at felicitation ceremony in Dhing) ।

লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি তথা দলৈগাঁও জিলা পৰিষদৰ সদস্য চামিম হাচান, কোষাধক্ষ্য জেহিৰুল ইছলাম মুক্তাৰ । গৌৰৱ গগৈ আৰু আনোৱাৰ হুছেইনে কৃতি ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ প্ৰশস্তি পত্ৰ, ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ফাইজুৰ ৰহমানৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা সভাত ধিং সমষ্টিৰ প্ৰায় শতাধিক মেধাবী তথা সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী উপস্থিত থাকে ।

Felicitation ceremony at Dhing: মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

হাইস্কুল-হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্ব অৰ্জন কৰা এই সকল মেধাৱীক সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ বাবে অভিভাৱক সকলে কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি সন্তষ্টি প্ৰকাশ কৰে । ইফালে এশ শতাংশ উত্তীৰ্ণ হোৱা বিদ্যালসমূহৰ শিক্ষক তথা মুৰব্বী সকলকো কংগ্ৰেছ দলে সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখযোগ্য যে সাংসদ গৌৰৱ গগৈয়ে কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰি কয় যে মনৰ দৃঢ়তা আৰু একাগ্ৰতা থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি ।

তেওঁ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কয় যে বৰ্তমান প্ৰতিযোগিতাৰ যুগ । এই যুঁজখনত টিকি থাকিবলৈ হলে ধৈৰ্য থাকিব লাগিব । ধৈৰ্য নাথাকিলে পৰাজয় নিশ্চিত । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে কয় যে সদ্য ঘোষিত হাইস্কুল, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত যি সকল শিক্ষাৰ্থীয়ে অনুত্তীৰ্ণ হৈছে, তেওঁলোকে এইটো ভাবিব নালাগে যে তেওঁ লোকৰ জীৱনটো শেষ বুলি । কাৰণ এনে বহু মহান ব্যাক্তিৰ জীৱন কাহিনী আছে যিয়ে বহুবাৰ বিফল হোৱাৰ পাছত সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে । ইয়াৰ বাবে প্ৰয়োজন ধৈৰ্য্য, সাহস আৰু আত্মবিশ্বাসৰ দৰে গুণৰ ।

লগতে পঢ়ক:Road Accident at Kaliabor: জখলাবন্ধাত চোৰাং কাঠভৰ্তি বাহনে মহতিয়ালে বাইক আৰোহীক

For All Latest Updates

ABOUT THE AUTHOR

...view details