অসম

assam

By

Published : May 19, 2021, 8:43 PM IST

ETV Bharat / state

আংশিক লক ডাউনে ৰাজ্যৰ চহা খেতিয়কলৈ নমাইছে বিপদ

চহৰ অঞ্চলত দিনৰ ১১ বজাৰ লগে লগেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বিপৰীতে গ্ৰাম্য অঞ্চলত দিনৰ ২ বজাত বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ । ইয়াৰ ফলত এতিয়া কেঁচা সামগ্ৰী ব্যৱসায়ী সকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে উৎকৃষ্ট বজাৰৰ অভাৱত । যাৰ ফলত বিঘাই-বিঘাই নষ্ট হৈছে কেঁচা শাক পাচলিৰ ।

আংশিক লক ডাউনে ৰাজ্যৰ চহা খেতিয়কলৈ নমাইছে বিপদ
আংশিক লক ডাউনে ৰাজ্যৰ চহা খেতিয়কলৈ নমাইছে বিপদ

কলিয়াবৰ, 19মে’: ক’ৰণাৰ ভয়াৱহতা ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ । নতুন নতুন নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰি ৰাজ্যত ক’ৰণা ৰোধ কৰাৰ চেষ্টাত ব্ৰতী হৈছে প্ৰশাসন তথা ৰাজ্য চৰকাৰ ৷ এই নতুন নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰাৰ লগে লগেই দৈনিক তথা সাপ্তাহিক বজাৰত পৰিছে বন্ধৰ প্ৰভাৱ ।

চহৰ অঞ্চলত দিনৰ ১১ বজাৰ লগে লগেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বিপৰীতে গ্ৰামাঅঞ্চলত দিনৰ ২ বজাত বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ । ইয়াৰ ফলত এতিয়া কেঁচা সামগ্ৰী ব্যৱসায়ী সকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে উৎকৃষ্ট বজাৰৰ অভাৱত । যাৰ ফলত বিঘাই-বিঘাই নষ্ট হৈছে কেঁচা শাক পাচলিৰ ।

উল্লেখযোগ্য যে, কেঁচা শাকপাচলিৰ কলিয়াবৰৰ ভাকুৱামাৰীৰ মহম্মদ মোজাহীদ আলী এই খেতিয়ক গৰাকীয়ে নিজৰ ১২ বিঘা মাটিত কোমোৰা, ভোল, তিতাকেৰেলা, বেঙেনা, জিকা, স্কুৱাচ, নেমুটেঙা, ৰঙালাওকে ধৰি বিভিন্ন ধৰণৰ খেতি কৰি পৰিয়াল পোহপাল দি আহিছে বিগত ২৬ বছৰ ধৰি ।

আংশিক লক ডাউনে ৰাজ্যৰ চহা খেতিয়কলৈ নমাইছে বিপদ

বছৰি প্ৰায় ৪/৫ লাখ টকা উপাৰ্জন কৰা এই খেতিয়ক গৰাকীয়ে ২০২০ বৰ্ষৰ ল'ক ডাউনৰ ফলত প্ৰায় ৩ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হোৱা পাছত বৰ্তমান সময়ত প্ৰায় ৫০,০০০ টকাৰ লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে।

যি সময়ত বজাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কেঁচা শাক পাচলিৰ বৃহৎ বজাৰ গঢ় লৈ উঠিছে ঠিক তেনে সময়তে মহম্মদ মোজাহীদ আলী নামৰ কেঁচা শাক-পাচলিৰ খেতিয়ক জনে কেৱল গোবৰ সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰিছে বিভিন্ন ধৰণৰ কেঁচা শাক-পাচলি ।

ৰাজ্যৰ বহু দূৰ দূৰণিৰ জিলালৈ এই কেঁচা-শাক পাচলি সমূহ বিক্ৰী কৰি বিগত সময়চোৱাত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এই খেতিয়ক গৰাকীয়ে এতিয়া থলুৱা বজাৰতো গ্ৰাহক তথা ব্যৱসায়িৰ অভাৱত কেঁচা শাক পাচলি বিক্ৰী কৰিব নোৱাৰি বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ।

ৰাজ্যৰ যোৰহাট, তিনিচুকীয়া, ডিগবৈ, ডিব্ৰুগড়, লখিমপুৰ, ঢেকীয়াজুলি, গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী সকল আহি তেওঁৰ পৰা কেঁচা শাক-পাচলি সমূহ ক্ৰয় কৰিছিল ৷ কিন্তু বৰ্তমান কৰ’নাৰ এই ভয়াৱহতাৰ ফলত ব্যৱসায়ী সকল আহিব নোৱাৰাত বিক্ৰীৰ অভাৱত কেঁচা শাক-পাচলি সমূহ গেলি পচি নষ্ট হৈ পৰিছে । যাৰ ফলত তেওঁৰ গাঁঠিৰ ধন ভাঙি কৰা খেতি সমূহ নষ্ট হৈ যোৱাৰ লগতে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ।

সেয়ে চৰকাৰলৈ খেতিয়ক গৰাকীৰ বিনম্ৰ আহ্বান, কিছু ক্ষতিপূৰণ আগবঢ়াব লাগে তেওৰ দৰে সকলো চহা খেতিয়কক । ইফালে বৰ্তমানলৈকে চৰকাৰী কোনো ধৰণৰ বীজ বা সাৰ লাভ কৰা নাই বুলি জানিবলৈ দিলে এইগৰাকী পাচলিৰ ব্যৱসায়ীয়ে ।

কৰ’ণাৰ এই ভয়াৱহতা ৰোধৰ ক্ষেত্ৰত ৰাজ্যত চলি থকা আংশিক লক ডাউনে এতিয়া এনেদৰেই বিপদ মাতি আনিছে এই সলক চহা খেতিয়কৰ মাজলৈ ৷ চৰকাৰৰে বিশেষকৈ ৰাজ্যৰ কৃষি বিভাগে এই সকল খেতিয়কৰ সহায়ৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে অতি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব খেতিয়ক সকলে ৷ খেতিয়ক সকলৰ লোকচানৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিলেহে পুনৰ মূৰ দাঙি ঠিয় হ’ব পাৰিব এই সকল চহা খেতিয়ক ৷

লগতে পঢ়কঃ অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details