নগাঁও, 4 জানুৱাৰী :দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শূণ্য সহনশীল নীতি ঘোষণা কৰাৰ সময়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ আছে বহু প্ৰৱঞ্চক চক্ৰ । এইবাৰ নগাঁৱত চাকৰিৰ নামত ধন লৈ আৰক্ষীৰ জালত পৰিল পিতৃ-কন্যা (Father daughter arrested for cheating) । এজন যুৱকৰ পৰা এফ চি আই আৰু ৰে’লৱেত চাকৰি দিয়াৰ নামত ৮ লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে পিতৃ-কন্যাৰ বিৰুদ্ধে ।
চৰকাৰী চাকৰি দিয়াৰ নামত ধন লৈ আৰক্ষীৰ জালত পিতৃ-কন্যা অভিযোগ অনুসৰি, শিলচৰৰ বাসিন্দা প্ৰদীপ সৰকাৰ আৰু তেওঁৰ কন্যা পাপৰি সৰকাৰে নগাঁৱৰ ফৌজদাৰীপট্টিত ভাড়া ঘৰ লৈ জৱ কনচালটেন্সীৰ এজেন্সী এটা খুলি চাকৰিৰ বেহা আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভাৰতীয় খাদ্য নিগম (Food Corporation of India) অথবা ৰে’ল বিভাগত (Indian Railway Service) চাকৰি দিয়াৰ নামত এই দুই পিতৃ-কন্যাই বহুতৰে পৰা সংগ্ৰহ কৰিছিল বৃহৎ পৰিমানৰ ধন ৷ কিন্তু দিন বেয়া আছিল অভিযুক্ত পিতৃ-কন্যাৰ ৷
দুৰ্নীতিৰে ধনৰ পাহাৰ গঢ়াৰ সপোন পিতৃ-কন্যাৰ অভিযুক্ত প্ৰদীপ সৰকাৰ আৰু তেওঁৰ কন্যা পাপৰি সৰকাৰৰ বিৰুদ্ধে থিয় হৈছে দ্বীবেন্দ্ৰ স্যানাল আৰু তেওঁৰ মাতৃ সুব্ৰা স্যানাল ৷
ন্যায় বিচাৰি অভিযুক্ত প্ৰদীপ সৰকাৰৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ বলি হোৱা প্ৰাৰ্থী দ্বীবেন্দ্ৰ স্যানাল আৰু তেওঁৰ মাতৃ সুব্ৰা স্যানালে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিতেই নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে পঞ্জীভুক্ত কৰে এক গোচৰ আৰু আৰম্ভ কৰে তদন্ত । উল্লেখ্য যে, চাকৰি দিয়াৰ নামত ধন লৈ যুৱকজনক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ হৈছে প্ৰদীপ সৰকাৰ আৰু তেওঁৰ কন্যা পাপৰি সৰকাৰৰ বিৰুদ্ধে ।
এই ঘটনা সন্দৰ্ভত মঙলবাৰে দুপৰীয়া আৰক্ষীৰ এটা দলে প্ৰদীপ সৰকাৰৰ ফৌজদাৰীপট্টিস্থিত ভাড়া ঘৰত চলাই এক অভিযান ৷ অভিযানকাৰী দলটোৱে ঘৰটোৰ পৰা পাপৰী এন্টাৰপ্ৰাইজৰ ৰাইটিং পেড, বেংক পাছবুক, এ টি এম কাৰ্ড আৰু কেতবোৰ বহু নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় (Fake job racket busted)৷
লগতে আৰক্ষীৰ দলটোৱে ঘটনা সন্দৰ্ভত অভিযুক্ত প্ৰদীপ সৰকাৰ আৰু তেওঁৰ কন্যা পাপৰী সৰকাৰকো আটক কৰে । সম্প্ৰতি ধৃত প্ৰদীপ সৰকাৰ আৰু তেওঁৰ কন্যা পাপৰীক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা সচিবালয়ৰ বাইদেউ