কলিয়াবৰ,23 জুন: কলিয়াবৰত অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তৰ নেতৃত্বত আৰম্ভ হৈছে এক সম্বৰ্ধনা অনুষ্ঠান ৷ এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীৰ নেতৃত্বত মঙলবাৰৰ পৰা এই অনুষ্ঠানৰ আৰম্ভণি কৰা হৈছে ৷ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰত্যেকটো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ নিজক প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰে ৷ বৰ্ধিত কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাঁচটা স্থানত সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা পৰ্ব আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ।
প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ নিজক প্ৰস্তুত কৰিব লাগিব:মন্ত্ৰী কেশৱ মহন্ত - মন্ত্ৰী কেশৱ মহন্ত
2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কীৰ্তিমানক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মন্ত্ৰী কেশৱ মহন্তৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰা হৈছে এক অনুষ্ঠানৰ ৷ কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্থান বিশেষে সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হৈছে ৷
বিগত 2006 চনৰে পৰা বিধায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা মহন্তই উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠানৰ জৰিয়তে প্ৰেৰণা যোগাই আহিছে ৷ মঙলবাৰে কুঁৱৰীটোলস্থিত শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰথমখন সভাত সম্বৰ্ধনা জনোৱা হয় 51 গৰাকী ছাত্ৰ-ছাত্ৰীক ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰৰ সু-সন্তান ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া(মনোনীত) বীৰেন ফুকন,জিলা অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগ, কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃণ্ময় দাস, কুঁৱৰীটোল শিশু বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াকে ধৰি ৰেক্টৰ আদি ৷ এই অনুষ্ঠানতে কলিয়াবৰ সমষ্টিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা পাঁচখন বিদ্যালয়ক বিধায়ক উন্নয়ন পুঁজিৰ পৰা এক লাখকৈ টকাৰ অনুদান আগবঢ়োৱা হয় ।
লগতে চাওকঃআছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ