নগাঁও,17 জুন:ক্ৰমাৎ তীব্রতৰ হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মাজৰ সংঘাত ৷ সাংসদ বৰদলৈয়ে পূৰ্বে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীক উদ্দেশ্যি প্ৰকাশ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । নগাঁও সংসদীয় সমষ্টিৰ ভিতৰতে যমুনামুখৰ পৰা সৰ্বাধিক ভোট লাভ কৰি জয়ী হোৱা প্ৰদ্যুৎ বৰদলৈয়ে মাত্ৰ দুটা দিন পূৰ্বে দলীয় কৰ্মীক চেলা-চামুণ্ডা বুলি যমুনামুখৰ এক জনসভাত তীব্ৰ সমালোচনা কৰে ৷ এই সমালোচনাৰ প্ৰত্যুত্তৰত পৰোক্ষভাৱে সাংসদগৰাকীক উভটি ধৰে ৰকিবুল হুছেইনে । সাংসদগৰাকীৰ এই কাৰ্যৰ বাবে দলীয় কৰ্মীক ক্ষমা বিচাৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৰাকীয়ে ৷
ক্ৰমাৎ তীব্রতৰ ৰকিবুল-প্ৰদ্যুতৰ যুঁজ - Rockybul Hussain
সন্মুখ সমৰত দুই ৰাজনৈতিক নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ ৷ দুয়োগৰাকী নেতাৰ মাজত থকা সংঘাতে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ সাংসদ বৰদলৈয়ে পূৰ্বে প্ৰদান কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰাক্তন মন্ত্ৰী হুছেইনে । দলীয় কৰ্মীক চেলা-চামুণ্ডা আখ্যা দিছিল সাংসদ গৰাকীয়ে ৷
ক্ৰমাৎ তীব্রতৰ ৰকিবুল-প্ৰদ্যুতৰ যুঁজ
আনহাতে,মঙলবাৰে চামগুৰিৰ ব্ৰক্ষ্মচাৰী সত্ৰত উপস্থিত হৈ মন্ত্ৰী চুম ৰংহাঙে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে শতাধিক আসন লাভৰ দাবী কৰাৰ প্ৰতি প্ৰত্যুত্তৰ জনাই ৰকিবুল হুছেইনে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 কোটি নিৱনুৱাক চাকৰি দিবলৈ আহ্বান জনায় ৷
লগতে চাওকঃধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন