চামগুৰি,11 জানুৱাৰী: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বাজিয়া গাঁও উন্নয়ন খণ্ডৰ উদ্যোগত তথা চামগুৰিৰ কেইবাটাও আত্মসহায়ক গোটৰ সহযোগত আয়োজন কৰিছে এখন ভোগালী মেলা। চামগুৰিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলা সৱলীকৰণ তথা মহিলাসকলক স্বাৱলম্বী কৰা আৰু মহিলাক এখন বজাৰ দিয়াৰ উদ্দেশ্যেই এই ভোগালী মেলাখন আয়োজন কৰিছে উদ্যোক্তা সকলে।
চামগুৰিৰ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ - Baziagaon Development Block
চামগুৰিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত মহিলাসকলক স্বাৱলম্বী কৰা আৰু মহিলাক এখন বজাৰ দিয়াৰ উদ্দেশ্যেই আয়োজন কৰিছে ভোগালী মেলাখনৰ ৷
চামগুৰিৰ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ
উল্লেখযোগ্য যে, ভোগালী মেলাখনত স্থানীয় মহিলা সকলে মুঠ 28 খনকৈ দোকান দিয়াৰ লগতে বিহু উপলক্ষে বিভিন্ন পিঠা, লাৰু আৰু বিভিন্ন জাতীয় সাজ-পাৰো বিক্ৰী কৰিছে ৷ আয়োজক সকলে ভোগালী মেলাৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে ৷
লগতে পঢ়ক:মাৰ্ঘেৰিটাত ভোগালী বিহুত উপস্থিত থাকিব মু্খ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী