অসম

assam

By

Published : Jun 27, 2020, 7:06 PM IST

Updated : Jun 27, 2020, 10:10 PM IST

ETV Bharat / state

উদ্যোগ মন্ত্ৰী পাটোৱাৰীৰ মুখত ফুল-চন্দন পৰকঃ কিয় ক'লে প্ৰদ্যুৎ বৰদলৈয়ে ?

ইটিভি ভাৰতৰ সৈতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিশেষ সাক্ষাৎকাৰ ৷ বৰদলৈৰ ভাষ্য উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মুখত ফুল চন্দন পৰক আৰু কি কি ক'লে প্ৰদ্যুৎ বৰদলৈয়ে । চাওক এই বিশেষ সাক্ষাৎকাৰঃ

Etv bharat assam special interview with Mp Pradyut bordoloi
প্ৰদ্যুৎ বৰদলৈ

গুৱাহাটী, ২৭ জুনঃ লক্ ডাউনে বিধ্বস্ত কৰি থৈ যোৱা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ পুনৰুজ্জীৱিতকৰণৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা "আত্মনিৰ্ভৰ ভাৰত" ৰ অধীনত অসমৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে চৰকাৰে মোকলাই দিছে ৭৩৮.৪৪ কোটি টকা । এই বৃহৎ ধনৰাশি অসমৰ ২৮,৬৫৪ টা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগে জামাতবিহীন ঋণ হিচাপে ল'ব পাৰিব । ইতিমধ্যে এই ধনৰাশি ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ হিচাপে আগবঢ়াবলৈ বেংকসমূহৰ সৈতে কথা পাতি সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা উদ্যোগ বিষয়াসকলক ৰাজ্যৰ উদ্যোগ বিভাগে যাৱতীয় নিৰ্দেশনাও জাৰি কৰিছে ।

উদ্যোগ মন্ত্ৰী পাটোৱাৰীৰ মুখত ফুল-চন্দন পৰকঃ কিয় ক'লে প্ৰদ্যুৎ বৰদলৈয়ে ?

মন কৰিবলগীয়া কথাটো হ'ল এই ঋণ কিন্তু ক্ষুদ্ৰ উদ্যোগীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত সুত সহ ওভতাই দিব লাগিব । কিন্তু চৰকাৰৰ এনে ব্যৱস্থাই ৰাজ্যৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগীসকলক উপকৃত কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংসদ বৰদলৈয়ে কয় যে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ সৈতে অসমৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ (MSME) বৈশিষ্ট্য আৰু চৰিত্ৰ নিমিলে । কিয়নো অসমৰ এই ধৰণৰ উদ্যোগ সমূহে আঞ্চলিক বজাৰখনৰ বাবেহে সীমিত পৰিসৰত কাম কৰে ।

উদ্যোগ মন্ত্ৰী পাটোৱাৰীৰ মুখত ফুল-চন্দন পৰকঃ কিয় ক'লে প্ৰদ্যুৎ বৰদলৈয়ে ?

তেনেক্ষেত্ৰত এইধৰণে ঋণ প্ৰদান কৰি তেওঁলোকৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ ধাৰণা অসমত মুঠেও গ্ৰহণযোগ্য নহয় । তাৰ পৰিৱৰ্তে নগদ ধন প্ৰদানেৰে তেওঁলোকৰ উপকাৰ সাধিব পৰা গ'লহেঁতেন ৷ বৰদলৈয়ে আৰু কয় যে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমত এডভান্টেজ আছাম অনুষ্ঠিত কৰি দেশী-বিদেশী বিনিয়োগকাৰীৰে অসম ভৰি পৰিব বুলি কৈছিল । কিন্তু প্ৰকৃতাৰ্থত তেনে একোৱেই হোৱা দেখা নগ'ল বুলি মন্তব্য কৰে উদ্যোগ মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃচীনা উৎপাদিত সামগ্ৰী বৰ্জনত সক্ষম হ'বনে ভাৰত ?

Last Updated : Jun 27, 2020, 10:10 PM IST

ABOUT THE AUTHOR

...view details