নগাঁও, 25 ডিচেম্বৰঃন-পুৰণি লেখক-লেখিকা আৰু গ্ৰন্থপ্ৰেমী লোকৰ সমাগমেৰে বুধবাৰে সামৰণি পৰিল নগাওঁ গ্ৰন্থমেলাৰ । নেহেৰুবালিৰ সৌজন্যময়ী ক্ষেত্ৰত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাৰ অন্তিম দিনা অনুষ্ঠিত হয় লেখক সমাৰোহ । "প্ৰেৰণা আৰু সৃষ্টি" শীৰ্ষক লেখক সমাৰোহত অংশগ্ৰহণ কৰে ন-পুৰণি লেখক-লেখিকাসকলে । অনুষ্ঠানত অংশগ্ৰহণ কৰে নৱপ্ৰজন্মৰ জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমে । জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলনতকৈও অধিক প্ৰয়োজন গ্ৰন্থ আন্দোলনৰ । সৃষ্টিৰ বাবে প্ৰেৰণাতকৈ তাড়না অধিক বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি শৰ্মিষ্ঠাই উল্লেখ কৰে নিজৰ জীৱনৰ সফলতাৰ আঁৰৰ কথা ।
উক্ত লেখক সমাৰোহত অসম সাহিত্য সভাৰ সভাপতিক ক্ষুৰধাৰ সমালোচনা কৰে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই । যি সময়ত অসমীয়া ভাষা আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথত আন্দোলন চলিছে তেনে সময়ত অসম সাহিত্য সভাৰ সভাপতিৰ সন্তান অসমীয়া মাধ্যমত নপঢ়াটো জাতিটোৰ বাবেই দুৰ্ভাগ্য বুলি মন্তব্য কৰে মহন্তই ।