অসম

assam

ETV Bharat / state

"I look into" হোৱাটছ এপত কাক মেছেজ দিলে শক্তিমন্ত্ৰীয়ে - মন্ত্ৰী বিমল বৰা

হোৱাটছ এপৰ এটা বিশেষ মেছেজ ৷ মেছেজটো আহিছিল ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ পৰা ৷ তাৰ পিছত আৰু উম-ঘাম নাই মন্ত্ৰীগৰাকীৰ ৷ মন্ত্ৰীৰ মেছেজ পায় বিমোৰত পৰিল একাংশ ৷ কি কাৰণে মন্ত্ৰীগৰাকীয়ে কাক whats app ত দিলে মেছেজ ?

Electricity Supply Problems at Kaliabor
শ্ল'গান হৈয়ে থাকিল চৰকাৰৰ 24 ঘন্টাৰ বিদ্যুত যোগান

By

Published : Aug 3, 2021, 9:59 PM IST

কলিয়াবৰ, 3 আগষ্ট : নিৰ্বাচনৰ সময়ত ৰাইজৰ মন জয় কৰা এটা শ্ল'গান আছিল '24 ঘণ্টাই পাব বিদ্যুত যোগান' ৷ কিন্তু সেই শ্ল'গান আজিকোপতি কাৰ্যত পৰিণত হ'ল নে ? আচৰিত হ'লেও উপায় নাই ! মফচল তথা চহৰ অঞ্চলসমূহৰ বাহিৰে গাঁৱসমূহত আজিও নিয়মীয়া নহয় বিদ্যুৎ যোগান ৷

এটা ট্ৰেন্সফৰ্মাৰৰ অভাৱত পৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কলিয়াবৰৰ মিছামুখ গাঁৱবাসীয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি নিচেই কম ভল্টেজৰ বাবে নিশা হ'লেই অন্ধকাৰত ডুব যায় কলিয়াবৰৰ মিছামুখ গাঁও ৷ নিৰ্বাচনৰ পূৰ্বে উক্ত অঞ্চলটোৰ বাবে বিদ্যুত বিভাগৰ ফালৰ পৰা এটা ট্ৰেন্সফৰ্মাৰ যোগান ধৰা হৈছিল যদিও সেই ট্ৰেন্সফৰ্মাৰটো বৰ্তমান পৰিত্যক্ত অৱস্থাত পৰি আছে ৷

২০১৭ চনৰে পৰা আবেদন-নিবেদন কৰি বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজে লাভ কৰিছিল এটা নতুন ট্ৰেন্সফৰ্মাৰ । কিন্তু, নিৰ্বাচনৰ ১০ দিন পিচতেই ট্ৰেন্সফৰ্মাৰটো সংস্থাপনৰ প্ৰতিশ্ৰুতি দি সংশ্লিষ্ট বিভাগে আজি পৰ্যন্ত সংস্থাপন নকৰিলে । যাৰ ফলত ট্ৰেন্সফৰ্মাৰটো হাবি-জংঘলে আৱৰি ধৰাত বিকল হোৱাৰ উপক্ৰম হৈছে ।

শ্ল'গান হৈয়ে থাকিল চৰকাৰৰ 24 ঘন্টাৰ বিদ্যুত যোগান

লগতে পঢ়ক: 'সেৱাই পঞ্চায়ত' অনুষ্ঠানত অংশগ্ৰহণ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

মিছামুখ গাঁৱৰ ৰাইজে বহুবাৰ বিভাগীয় বিষয়া-কৰ্মচাৰী, জন-প্ৰতিনিধি, মন্ত্ৰীক আবেদন কৰিও ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰাৰ ক্ষেত্ৰত সুফল নাপালে ৷ এই সমস্যাটোৰ সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰাকো গাঁৱখনৰ যুৱকৰ এটা দলে ৱাটছ এপযোগে অৱগত কৰিছিল । "I look into" বুলি উত্তৰ দিয়েই মন্ত্ৰী বিমল বৰাই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় যুৱকসকলে ৷

এইক্ষেত্ৰত উপায়ন্তৰ হৈ পৰিছে মিছামুখ গাঁৱবাসী ৷ অৱশেষত শক্তি বিভাগৰ সুমতি বিচাৰি হাবি-জংঘলৰ মাজত পৰি থকা ট্ৰেন্সফৰ্মাৰটোতে চাকি-বন্তি জ্বলাই পূজা-অৰ্চনা কৰি প্ৰতিবাদ সাব্যস্ত কৰে গাঁৱখনৰ মহিলাসকলে ।

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে ?

ABOUT THE AUTHOR

...view details