নগাঁও, 7 মাৰ্চ : শিক্ষিত মানেই যে চাকৰিৰ আশাত সময় অপচয় কৰিব নালাগে, মহিলা মানেই যে ঘৰৰ ঘৈণী হৈ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থাকিব নালাগে, তাকে প্ৰমাণ কৰি দেখুৱালে নগাঁৱৰ কেইগৰাকীমান শিক্ষিতা যুৱতীৰ লগতে বহু মহিলাই । যুৱতী অথৱা মহিলা হৈও যে আত্মনির্ভৰশীল হ'ব পাৰি ইয়াৰে এক জ্বলন্ত উদাহৰণ (educated female setting example of women empowerment) নগাঁৱৰ কেইগৰাকীমান উদ্যমী যুৱতী তথা মহিলাই( women empowerment by running roadside stall) ।
ইফালে, কাৰ্বি আংলং জিলাৰ এইগৰাকী নমিতা নাথে নগাঁৱৰ এটা ব্যক্তিগত অতিথিশালাত থাকি চৰকাৰী খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিছে স্নাতক ডিগ্ৰী । ইংৰাজী বিষয়ত অনাৰ্ছ লৈ এতিয়া স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ সপোন এইগৰাকী নমিতা নাথৰ । পিতৃ মাতৃয়ে বিচাৰিছিল নমিতাই সন্ধান কৰক এটা চৰকাৰী চাকৰি । কিন্তু ইয়াৰ বিপৰীতে নমিতাই নিজৰ মোবাইল ফোন বিক্ৰী কৰি নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰৰ সমীপৰ পদপথত আৰম্ভ কৰিছে এ কে চাইৱালী নামৰ এখন চাহৰ দোকান । চাহ দোকানেৰে উপাৰ্জন কৰা ধনেৰে এতিয়া নিজৰ সপোন পূৰণ কৰাৰ হাবিয়াস নমিতাৰ ৷ নিজে উপাৰ্জন কৰা ধনেৰে স্নাতকোত্তৰত নামভৰ্তি কৰিব এইগৰাকী নমিতা নাথে ।
ইফালে, নগাঁৱৰ পুৰণিগুদামৰ এইগৰাকী উচ্চ শিক্ষিতা যুৱতী ইন্দুশ্ৰী কলিতাইয়ো নগাঁও চহৰৰ চামগুৰি বাছ আস্থানৰ ইক' গেছৰ সমীপত থকা এইখন 'বাট ৰ চাহ' নামৰ দোকানেৰে চলাই গৈছে জীৱন সংগ্ৰাম | চাহৰ দোকানেৰে উপাৰ্জনৰ পথ বাছি লোৱা ইন্দুশ্ৰী কলিতাৰ শিক্ষাগত অৰ্হতা শুনিলে আচৰিত হ'ব আপুনিও । অসমীয়া ভাষা আৰু সাহিত্য বিষয়ত পৃথকে পৃথকে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে এইগৰাকী ইন্দুশ্ৰী কলিতাই ।