বঢ়মপুৰ, 25 মাৰ্চ:ৰাইজৰ দলৰ ৰহা সমষ্টিৰ প্ৰাৰ্থী ৰুবুল দাসৰ কাৰ্যকলাপত ক্ষোভিত হৈ বুধবাৰে ৰাইজৰ দলৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তথা ৰহা সমষ্টি কমিটীৰ পৰ্যবেক্ষক ডিম্বেশ্বৰ চেতিয়াই দলৰ পৰা পদত্যাগ কৰে ৷ ৰহা সমষ্টিৰ লুটুমাৰীত এখন সংবাদমেল সম্বোধন কৰি ৰুবুল দাসৰ বিৰুদ্ধে বহু তথ্যৰ বিস্ফোৰণ ঘটাই চেতিয়াই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰে ৷
ৰহাত ৰাইজৰ দলৰ পৰা পদত্যাগ ডিম্বেশ্বৰ চেতিয়াৰ
ৰাইজৰ দলৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তথা ৰহা সমষ্টি কমিটীৰ পৰ্যবেক্ষক ডিম্বেশ্বৰ চেতিয়াৰ দলৰ পৰা পদত্যাগ ৷ ৰাইজৰ দলৰ ৰহা সমষ্টিৰ প্ৰাৰ্থী ৰুবুল দাসৰ কাৰ্যকলাপত অসন্তুষ্টি ব্যক্ত কৰি চেতিয়াই দলৰ পৰা পদত্যাগ কৰে ৷
উল্লেখ্য যে, দলত্যাগ কৰি 26 মাৰ্চত ডিম্বেশ্বৰ চেতিয়াই 1500 কৰ্মীক লগত লৈ কংগ্ৰেছ দলত যোগদান কৰিব ৷ ভূ-মাফিয়া, ধৰ্ষণ আৰু নাৰী কেলেংকাৰীৰ গোচৰত অভিযুক্ত বুলি মন্তব্য কৰি ৰহা সমষ্টিৰ ৰাইজক ৰুবুল দাসক ভোট নিদিবলৈ চেতিয়াই সমষ্টিবাসীক আহ্বান জনায় ৷ ইফালে ৰুবুল দাসে সমষ্টিৰ কোনো দলৰ কৰ্মীক গুৰুত্ব নিদি একনায়কত্ববাদ চলোৱাৰ গুৰুত্বৰ অভিযোগ কৰাৰ লগতে কোনো দলৰ এজেন্ট হিচাপে কাম কৰি সমষ্টিলৈ চোৰৰ দৰে মনে মনে প্ৰৱেশ কৰে বুলিও দল ত্যাগী কৰ্মীসকলে মন্তব্য কৰে ৷
লগতে পঢ়ক:মহাজোঁটৰ চৰকাৰ হ’লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা হ’বঃআব্দুল খালেক