অসম

assam

ETV Bharat / state

তিনিটেকীয়াৰ বিশেষ শিৱমন্দিৰটো - SHIV MANDIR

আঞ্চলটোত বাস কৰা মুছলমান লোক সকলেই শিৱ মন্দিৰটো চোৱা-চিতা কৰি থাকে । অকল চোৱা-চিতা কৰাই নহয় মন্দিৰ পৰিচালনা কৰিবৰ বাবেও আছে এখন পৰিচালনা সমিতি । আনকি স্থানীয় মুছলমান ৰাইজে মন্দিৰৰ নামত আগবঢ়ালে ডেৰ বিঘাকৈ ভূমি ।

DHING SHIV MANDIR AND MUSLIM SAMAJ
তিনিটেকীয়াৰ বিশেষ শিৱমন্দিৰটো

By

Published : Feb 22, 2020, 3:19 PM IST

বটদ্ৰৱা, 22 ফেব্ৰুৱাৰীঃ মুছলমান সম্প্রদায়ৰ লোকে চোৱা চিতা কৰা এটা অলৌকিক শিৱ মন্দিৰৰ কাহিনী । এটা ৫০ বছৰ পুৰণি বিশেষ শিৱ মন্দিৰ । শিৱ মন্দিৰটোৰ দহ কিল'মিটাৰ ভিতৰত নাই এজনো হিন্দু সম্প্রদায়ৰ লোক । মন্দিৰটোৰ চৌদিশে মুছলমান লোকৰ বসতিস্থল। এই সকল মুছলমান লোকেই চোৱাচিতা কৰে মন্দিৰটো ।

তিনিটেকীয়াৰ বিশেষ শিৱমন্দিৰটো

এই বিশেষ শিৱ মন্দিৰটো আছে ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত । ধিঙৰ পাৰ্শ্বৱৰ্তী এই চাপৰিটোৰ নাম তিনিটেকীয়া চাপৰি । প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বলীয়া বানৰ কবলত পৰে এই মন্দিৰটো । তথাপিও অক্ষ্ত অৱস্থাত আছে এই শিৱ মন্দিৰটো । ১৯৬৯ চনতে স্থাপন কৰা হৈছিল এই শিৱ মন্দিৰটো । ৮০ৰ দশকত গৰাখহনীয়া আৰু প্ৰবল বানপানীৰ তাণ্ডৱৰ বাবেই হিন্দু সম্প্রদায়ৰ লোক সকল এই তিনিটেকীয়া চাপৰিৰ পৰা অন্য ঠাইলৈ গুছি যায় ।

তিনিটেকীয়াৰ বিশেষ শিৱমন্দিৰটো

কিন্তু থাকি যায় কিছু সংখ্যক মুছলমান সম্প্রদায়ৰ লোকসকল । এই সকল মুছলমান লোক সকলেই শিৱ মন্দিৰটো চোৱা-চিতা কৰি থাকে । কেৱল চোৱা-চিতাই নহয় মন্দিৰ পৰিচালনা কৰিবৰ বাবেও আছে এখন পৰিচালনা সমিতি । আনকি স্থানীয় মুছলমান ৰাইজে মন্দিৰৰ নামত আগবঢ়ালে ডেৰ বিঘাকৈ ভূমি ।

ABOUT THE AUTHOR

...view details