চামগুৰি,20 ছেপ্তেম্বৰ: নগাঁও জিলাৰ ধিঙৰ বিভিন্ন চৰাঞ্চলত একাংশ অস্ত্ৰধাৰী দেৱানী মাতাব্বৰৰ অত্যাচাৰত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ ৷ আৰক্ষী প্ৰশাসন থকাৰ পাছতো এইসকল অস্ত্ৰধাৰী দেৱানী মাতাব্বৰে বিভিন্ন চৰাঞ্চলত চলাই গৈছে মাতাব্বৰৰাজ ৷ ধিঙৰ দাঁতিকাষৰীয়া বিভিন্ন চৰাঞ্চলত সঘনে সংঘটিত হৈছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ কিন্তু প্ৰতিদিনে চৰাঞ্চলত সংঘটিত হোৱা এই অপৰাধ ৰোধ কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন ৷ ফলত অসহায় হৈ পৰিছে চৰাঞ্চলৰ ৰাইজ ৷
অস্ত্ৰধাৰী গুণ্ডাই কেতিয়াবা যদি ঘৰৰ গৰু ম'হ বলপূৰ্বক ভাৱে কাঢ়ি লৈ গৈছে, আন কেতিয়াবা আকৌ এইসকল গুণ্ডাই দেৱানী কৰৰ নামত টকা-পইচা মাটি বাৰি কাঢ়ি নিছে ৷ শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে মুছলিম চৰত ৷ অভিযোগ অনুসৰি, অস্ত্ৰধাৰী গুণ্ডা গুলজাৰ হুছেইনৰ নেতৃত্বত অহা এটা দলে মুছলিম চাপৰিৰ কেইবাঘৰো লোকৰ পৰা কাঢ়ি লৈ গল কেইবাটও গৰু-ম'হ ৷ এইসকল চৰৰ দেৱানী গুণ্ডাই যেতিয়াই যতে মন যায় তাতে সংঘটিত কৰে এনেধৰণৰ অপৰাধজনিত ঘটনা ।