কলিয়াবৰ, 9 নৱেম্বৰ :মাধ্যম আন্দোলনৰ পঞ্চম গৰাকী শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰমৃত্যু তিথিৰ লগত সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দুদিনীয়াকৈ আয়োজন কৰে শ্বহীদ দিৱস ৷ 8 নৱেম্বৰৰ পৰা কলিয়াবৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ আজি দ্বিতীয় দিন ৷ নৰেন্দ্ৰ নাথ মহন্তৰ শ্বহীদ বেদী প্ৰাংগনত পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আছুৰ নগাঁও জিলাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই ৷
শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে শ্বহীদ পত্নী তুলসী মহন্তই ৷ ইফালে, শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰে ৩৫ সংখ্যক সদৌ অসম নৰেন্দ্ৰ নাথ সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 18 টাকৈ নাট্য দলে অংশগ্ৰহণ কৰে ৷