অসম

assam

ETV Bharat / state

সংকটত কাজিৰঙাৰ বন্যপ্ৰাণীঃ বুঢ়াপাহাৰত উদ্ধাৰ হৰিণাৰ মৃতদেহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ গতি কৰিছে কাৰ্বি-আংলঙৰ নিৰাপদ উচ্চ স্থানলৈ । দেওবাৰে নীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা হৰিণাৰ মৃতদেহ ৷

By

Published : Jul 14, 2019, 12:29 PM IST

হৰিণাৰ মৃতদেহ

নগাঁও, 14 জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি । ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ গতি কৰিছে কাৰ্বি-আংলঙৰ নিৰাপদ উচ্চ স্থানলৈ ।

হৰিণাৰ মৃতদেহ

তাৰ মাজতে দেওবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক সংমণ্ডলৰ অন্তৰ্গত নহৰু বস্তিৰ সমীপত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় এটা হৰিণাৰ মৃতদেহ ৷ পুৱা স্থানীয় ৰাইজে হৰিণাৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগতে বানত উটি আহি হৰিণাটোৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details