নগাঁও,30 জুলাই: গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাঁও জিলাত ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে জিলাখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে সা-সম্পত্তি ৷ নিজ হাতে সজা আপোন ঘৰখন হেৰুওৱাৰ আতংকই খেদি ফুৰিছে জিলাখনৰ লাওখোৱা, ভূৰবন্ধাৰ লগতে বৰগুলীবাসী ৰাইজক ৷ উল্লেখ্য যে, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা স্বত্বেও এই সমস্যাৰ কোনো স্থায়ী সমাধান বাহিৰ কৰিব পৰা নাই মন্ত্ৰীগৰাকীয়ে ৷
প্ৰত্যেক বছৰৰ দৰে এইবছৰো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে অঞ্চলসমূহত ৷ চৰকাৰৰ পূৰ্বৰ আঁচনি অনুসৰিয়েই খহনীয়া ৰোধৰ নামত প্ৰতিবছৰে আবণ্টিত হৈ আহিছে বৃহৎ পৰিমাণৰ চৰকাৰী ধন ৷ কিন্তু উক্ত ধনৰ সদব্যৱহাৰ হোৱাৰ বিপৰীতে কাৰ জেপ গৰম হ’ল সেয়া আজিও ৰহস্যজনক ৷ খহনীয়াত নিজৰ ঘৰ-মাটি হেৰুওৱা পৰিয়ালসমূহে সম্প্ৰতি অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে জিলাখনত ৷ কিন্তু ইয়াৰ পিছতো বিষয় সন্দৰ্ভত কোনো গুৰুত্ব নাই ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ ৷