অসম

assam

ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী বৃহৎ চক্ৰ - আনন্দ মিশ্ৰ

চাইবাৰ অপৰাধীৰ (cyber crime) বিৰুদ্ধে নগাঁও আৰক্ষীৰ এক সফল অভিযান । নগাঁও আৰক্ষীৰ জালত বহিঃৰাজ্যৰ লগত সংযোগ থকা বৃহৎ চক্ৰৰ তিনি সদস্য ।

নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী বৃহৎ চক্ৰ
নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী বৃহৎ চক্ৰ

By

Published : Jul 29, 2021, 4:51 PM IST

নগাঁও, 29 জুলাই : বহিঃৰাজ্যৰ সৈতে সংযোগ থকা চাইবাৰ অপৰাধী (cyber crime) চক্ৰৰ তিনি সদস্য পৰিছে নগাঁও আৰক্ষীৰ (NAGAON POLICE) জালত । মধ্য অসমত চাইবাৰ অপৰাধৰ জাল পেলাই নগাঁও আৰক্ষীৰ জালত পৰিল চক্ৰটো । নগাঁও জিলাৰ ধিং কটহগুৰিৰ ছাইদুল ইছলাম, দিলদাৰ হুছেইন আৰু মিজানুৰ ৰহমানে ভুৱা চিমকাৰ্ড ব্যৱহাৰ কৰি বেংকৰ একাংশ গ্ৰাহকৰ পৰা ধন লুটি অহাৰ অভিযোগ উত্থাপন হৈছে ।

এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে গোপনে সূত্ৰৰ পৰা লাভ কৰে তথ্য । এই তথ্যৰ ভিত্তিতেই নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপনে অভিযান চলাই দিলদাৰ হুছেইন, ছাইদুল ইছলাম আৰু মিজানুৰ ৰহমান নামৰ তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীৰ দলটোয়ে ধৃত তিনি অভিযুক্তৰ পৰা ২০০ চিমকাৰ্ড, চাৰিটাকৈ ম’বাইল ফোন, এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত নগাঁও আৰক্ষী চাউনীৰ প্ৰেক্ষাগৃহত এক সংবাদমেলৰ আয়োজন কৰি অৱগত কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (ananda mishra)।

নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী বৃহৎ চক্ৰ

সংবাদমেলত আনন্দ মিশ্ৰই উল্লেখ কৰা মতে বহিঃৰাজ্যৰ সৈতে যোগসূত্ৰ থকা এটা চাইবাৰ অপৰাধী চক্ৰ সক্ৰিয় হৈ বিভিন্নজনৰ অ’টিপি (otp) জালিয়াতি কৰি বিভিন্নজনৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আহিছে । এনেধৰণৰ চাইবাৰ অপৰাধীৰ বলি হোৱা লোকক অসম আৰক্ষীৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰি অসম আৰক্ষীক সহায় কৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । উল্লেখযোগ্য যে, আৰক্ষীৰ জালত পৰা তিনিজনীয়া দলটোৱে ইতিমধ্যেই বহু লোকক সৰ্বস্বান্ত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

চাইবাৰ অপৰাধী চক্ৰৰ ধৃত তিনি সদস্যক আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা । চক্ৰটোক পুলিয়ে-পোখাই উভালিবলৈ অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । জালিয়াতিৰ আশ্ৰয় লৈ বিভিন্নজনক সৰ্বস্বান্ত কৰা চক্ৰটো সমূলাঞ্চে উৎখাত কৰিবলৈ কিমান সক্ষম হয় নগাঁও আৰক্ষী সেয়া সময়তহে লক্ষণীয় হ'ব ।


লগতে পঢ়কঃদেশভক্তি দিৱসত ৰক্তদান শিবিৰৰ আয়োজন

ABOUT THE AUTHOR

...view details