ফেচবুকত সম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক ! - ফেচবুকত মন্তব্য কৰাৰ আগত সাবধান
নগাঁৱৰ কামপুৰৰ আব্দুল আজিম নামৰ এজন যুৱকে ফেচবুকত কৰিছিল এটা সাম্প্ৰদায়িক মন্তব্য । যাৰ বাবে শুকুৰবাৰে নগাঁও আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সহযোগত কামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল আজিমক ৷
ফেচবুকত মন্তব্য কৰাৰ আগত সাবধান !
নগাঁও, 1 নৱেম্বৰঃ চ'ছিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে আৰক্ষীয়ে । ফেচবুকত কোনো মন্তব্য দিয়াৰ আগত সাৱধান হওঁক আপুনিও । শেহতীয়াকৈ ফেচবুকত এটা সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে এজন যুৱক । নগাঁৱৰ কামপুৰৰ আব্দুল আজিম নামৰ এজন যুৱকে ফেচবুকত কৰিছিল এটা সাম্প্ৰদায়িক মন্তব্য । যাৰ বাবে শুকুৰবাৰে নগাঁও আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সহযোগত কামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল আজিমক । ধৃত আব্দুল আজিমৰ ওপৰত জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।