অসম

assam

ETV Bharat / state

পুনৰ ৰাজ্যত চাইবাৰ ক্ৰাইম ! এইবাৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টত চকু !

অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টৰ পৰা হৰলুকী ৮ লাখ টকা ৷

পুনৰ ৰাজ্যত চাইবাৰ ক্ৰাইম

By

Published : May 28, 2019, 11:39 PM IST

নগাঁও,২৮ মে' : এটাৰ পিছত এটাকৈ বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। অনলাইনযোগে বেংক একাউন্টৰ পৰা ধন লুট। অনলাইন বেংকিঙৰ সহায়ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টৰ পৰা ৮ লাখ টকা লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত । নগাঁৱৰ জুৰীয়া মাহেৰিপাৰৰ আব্দুল জলিল নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে মঙলবাৰে বেংকৰ পৰা ধন উলিয়াব বিচৰাত পোহৰলৈ আহে এই ঘটনা । এই সন্দৰ্ভত ইতিমধ্যে লোকজনে বেংক কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগতে হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।

পুনৰ ৰাজ্যত চাইবাৰ ক্ৰাইম

ABOUT THE AUTHOR

...view details