নগাঁও, 17 জুলাই :ৰাজ্যত সংঘটিত হৈছে চিকিৎসালয়ৰ পৰাই ক'ভিড আক্ৰান্ত মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনা । নগাঁৱৰ ননৈ বাদলগাঁৱৰ সৰোমাই বৰা নামৰ ৭১ বছৰীয়া মহিলাগৰাকী চিকিৎসালয়ৰ পৰাই নিৰুদ্দেশ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ হৈছে ক’ভিড আক্ৰান্ত মহিলা গৰাকী ৷
উল্লেখ্য যে, দেহত ক'ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰাত বিগত ১৪ জুলাইত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক । একে সময়তে মহিলাগৰাকীৰ পৰিয়ালৰ এটি কিশোৰো ক'ভিড ১৯ ত আক্ৰান্ত হৈছিল ৷ দুয়োকে একেলগে একেখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়খনৰ ক'ভিড কেয়াৰ কেন্দ্ৰ(covid care center)ত চিকিৎসাধীন হৈ থকা মহিলাগৰাকী শনিবাৰে পুৱাৰ পৰা আকস্মিকভাৱে সন্ধানহীন হয় ৷
চিকিৎসালয়ৰ পৰা সন্ধানহীন ক'ভিড আক্ৰান্ত মহিলা শনিবাৰে পুৱা চিকিৎসালয়ৰ বিচনাত মাত্ৰ এখন কাপোৰ পৰি থকাৰ বিপৰীতে মহিলাগৰাকীক দেখা নাপাই লগত থকা কিশোৰজনে পৰিয়ালৰ লোকক খবৰ দিয়ে । পৰিয়ালৰ লোকে চিকিৎসালয়ৰ পৰা মহিলাগৰাকী সন্ধানহীন হোৱাক লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে ৷ চিকিৎসালয় কৰ্তৃপক্ষই নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধানৰ দায়িত্ব ল’বলৈ পৰিয়ালকহে হেঁচা প্ৰয়োগ কৰে ৷
চিকিৎসালয়ৰ পৰাই নিৰুদ্দেশ হোৱা মহিলাগৰাকীক বিচৰাৰ দায়িত্ব কৰ্তৃপক্ষই পৰিয়ালৰ লোকক দিয়াত হতবাক হৈ পৰিছে পৰিয়ালৰ লোক । দেহত মাৰাত্মক কৰ'ণাৰ ভাইৰাছ লৈ মহিলাগৰাকী সন্ধানহীন হোৱাক লৈ পৰিয়ালৰ লোকক চিন্তিত হোৱাৰ লগতে সাধাৰণ লোকৰ মাজতো চাঞ্চল্যৰ সৃষ্টি হৈছে । চিকিৎসালয়ৰ পৰা ক'ভিড আক্ৰান্ত মহিলাগৰাকী সন্ধানহীন হোৱাৰ পিছত চিকিৎসালয়খনৰ নিৰাপত্তাকলৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷
লগতে পঢ়ক :ভাৰতীয় নৌ সেনাত সংযোজিত হ’ল আমেৰিকাৰ পৰা ক্ৰয় কৰা MH60R হেলিকপ্টাৰ