ৰহা, 29 আগষ্ট :দুৰ্ঘটনাত পতিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন ৷ দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ৰহা চাৰিআলিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাত পতিত হয় ।
মন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ এখন স্কৰপিঅ' বাহনে ৰহা চাৰিআলিত একে দিশেৰে গৈ থকা এখন বগা ৰঙৰ এল্ট’ বাহনত পিছপিনৰ পৰা জোৰেৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰে ব্যাপক ক্ষতি হয় ।