অসম

assam

পুৰণিগুদামৰ চলচলি ৰঙীয়া গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা

By

Published : May 8, 2021, 9:50 PM IST

এখন বিবাহক কেন্দ্ৰ কৰি গণ সংক্ৰমণ হৈছিল অঞ্চলটোত ৷ আগন্তুক পোন্ধৰ দিনৰ বাবে চলচলি ৰঙীয়া গাঁৱক কন্টেইনমেন্ট জন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷

পুৰণিগুদামৰ চলচলি ৰঙীয়া গাঁৱক কন্টেইনমেন্ট জন ঘোষণা
পুৰণিগুদামৰ চলচলি ৰঙীয়া গাঁৱক কন্টেইনমেন্ট জন ঘোষণা

চামগুৰি,8 মে ’ : নগাঁও জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ পুৰণিগুদামৰ চলচলি ৰঙীয়া গাঁৱৰ এটা অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিলে নগাঁও জিলা প্ৰশাসনে । লক্ষ্যণীয়ভাৱে গাঁও খনত 30 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছিল ক’ভিড- 19 পজিটিভ ।

পুৰণিগুদামৰ চলচলি ৰঙীয়া গাঁৱক কন্টেইনমেন্ট জন ঘোষণা

উল্লেখযোগ্য যে, চামগুৰি ৰাজহ চক্ৰ বিষয়া আৰু পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকৰ উপস্থিতিত শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আগন্তুক পোন্ধৰ দিনৰ বাবে অঞ্চলটো কন্টেইনমেন্ট জ‘ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । মনকৰিবলগীয়া যে, এখন বিবাহক কেন্দ্ৰ কৰি গণ সংক্ৰমণ হৈছিল অঞ্চলটোত ।

ইপিনে অঞ্চলটোত মেডিকেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সকলো ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা কৰা হ’ব বুলি জানিব পৰা গৈছে । আগন্তুক দিনত উক্ত অঞ্চলত বাস কৰা বা বাহিৰৰ লোকৰ ক্ষেত্ৰত অহা যোৱাত সম্পূৰ্ণ ৰূপে নিষেধাজ্ঞা জাৰি কৰি মাইক যোগে সকলোকে অৱগত কৰে চক্ৰ বিষয়া গৰাকীয়ে ।

লগতে পঢ়কঃ আমাৰ দলত সকলোৱে সম্পদ : ৰঞ্জিৎ দাস

ABOUT THE AUTHOR

...view details