নগাঁও, 17 জুন : নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰ পৰাই বিশেষকৈ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে আই পি এছ আনন্দ মিশ্ৰই । প্ৰায় প্ৰতিদিনেই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰিছে নিষিদ্ধ ড্ৰাগছ । গ্ৰেপ্তাৰ হৈছে এটাৰ পিছত এটা ড্ৰাগছ ব্যৱসায়ী ।
ইয়াৰ মজতে চৰ্চাত থকা নগাঁৱত আৰক্ষী জোৱানৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত ৰহস্য শেহতীয়াকৈ ফাদিল হৈছে । ঘটনাটো আছিল এন্টি নাৰকটিক স্কোৱাড সদস্য ইছৰাফিল হুছেইন পৰা ড্ৰাগছ উদ্ধাৰ ৷ ইয়াৰ পাচতে ব্যাপক চৰ্চা লাভ কৰিছিল সমগ্ৰ নগাঁও জিলাতে ৷
শেহতীয়াকৈ ফাদিল হোৱা তথ্য অনুসৰি নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে ড্ৰাগছ বিৰোধী অভিযান অধিক শক্তিশালী কৰিবলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰিছিল এ এন এছ অৰ্থাৎ এন্টি নাৰকটিক স্কোৱাড । নগাঁও আৰক্ষীৰ এন্টি নৰকটিক স্কোৱাডৰ এজন সদস্য আছিল ইছৰাফিল হুছেইন ।
নগাঁও আৰক্ষীৰ এন্টি নাৰকটিক স্কোৱাডৰ সদস্য ইছৰাফিল হুছেইনে বুধবাৰে নিশা নিজ কৰ্তব্য সামৰি ঘৰ অভিমুখে গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় । ইয়াৰ পাচতে কেইজনমান সন্দেহ জনক লোকে ইচৰাফিলৰ পৰা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰা বুলি দাবী কৰে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ।
আনন্দ মিশ্রৰ বিৰুদ্ধে আৰম্ভ হৈছে ষড়যন্ত্ৰ ! কিন্তু প্ৰকৃততে কি হৈছিল আৰক্ষী জোৱান ইচৰাফিলৰ সৈতে ? এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাৰ তদন্ত আৰম্ভ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰু ইচৰাফিলক কৰা সোধ পোছৰ অন্তত আনন্দ মিশ্ৰই কয়, ড্ৰাগছ বিৰোধী অভিযান স্তব্ধ কৰিবলৈ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত একাংশই আৰম্ভ কৰিছে ষড়যন্ত্ৰ ।
কেৱল এয়াই নহয় বুধবাৰে নিশা দুৰ্ঘটনাত পতিত হোৱা এন্টি নাৰকটিকৰ সদস্য ইচৰাফিলৰ পিষ্টল কাঢ়ি নিয়াৰো একাংশই চেষ্টা কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে আনন্দ মিশ্ৰই । অৱশ্যে আৰক্ষী জোৱানজনৰ পিষ্টল কাঢ়ি নিবলৈ সক্ষম নহয় বুলিও কয় আনন্দ মিশ্ৰই । ইফালে আৰক্ষী জোৱানজনক একাংশই আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । আৰক্ষীক ৰঙা চকু দেখুৱালে সহ্য কৰা নহ'ব বুলিও হুংকাৰ প্ৰদান কৰি এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে আই পি এছ আনন্দ মিশ্ৰই ৷
লগতে পঢ়ক: বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া