নগাঁও,13 ফেব্ৰুৱাৰী:সমগ্ৰ ৰাজ্যতে অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজ্যৰ ন-পুৰণি দলসমূহে বিভিন্ন প্ৰকাৰে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ কোনোৱে যদি বাইক ৰেলীৰে প্ৰচাৰ অব্যাহত ৰাখিছে, কোনোৱে আকৌ আন কিছুমান ৰণ কৌশলেৰে চলাই নিছে নিজ দলৰ নিৰ্বাচনী প্ৰস্তুতি ৷
কলিয়াবৰত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' শুকুৰবাৰে কলিয়াবৰৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল কংগ্ৰেছ দলৰ পদযাত্ৰা । অসমৰ পৰা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ দলৰ সাংসদদ্বয় ক্ৰমে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত কলিয়াবৰত আৰম্ভ হয় নিৰ্বাচনী কুচ-কাৱাজ । ঐতিহাসিক শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ সমীপৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত ৰাইজক সম্বোধন কৰি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰৰ পৰা অসমক বচোৱাৰ আহ্বান জনায় ।
কলিয়াবৰত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' ইপিনে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনেও উপস্থিত ৰাইজক সম্বোধন কৰি বৰ্তমানৰ জাতিদ্ৰোহী চৰকাৰখনক উৎখাত কৰি কংগ্ৰেছ মিত্ৰজোঁটক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় । ভাষণ প্ৰসংগত তিনিওগৰাকী মন্ত্ৰীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে । কলিয়াবৰৰ জলন্ত সমস্যাসমূহৰ সমাধানৰ বিপৰীতে নিজৰ স্বাৰ্থ সিদ্ধিত মনোনিৱেশ কৰা মন্ত্ৰীগৰাকীৰ শাসনত কলিয়াবৰৰ যুৱকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা বুলি মন্তব্য কৰে ।
কলিয়াবৰত কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক' বানত ক্ষতিগ্ৰস্তসকলে আজি পৰ্যন্ত এটকাও লাভ নকৰা জলসম্পদ মন্ত্ৰীৰ সমষ্টিত বানক লৈও বৰ্তমান চৰকাৰখন ছিণ্ডিকেটত নামিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে । জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা জখলাবন্ধা আৰক্ষী নিৱেশলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে ভাগ লোৱা পদযাত্ৰাত অংশ লয় সহস্ৰাধিক কংগ্ৰেছী সমৰ্থকে । এই পদযাত্ৰাই বটদ্ৰৱা, ধিং, ৰূপহী আৰু চামগুৰি সমষ্টি হৈ কলিয়াবৰত উপস্থিত হয় ৷ কলিয়াবৰ তিনিআলিত উপস্থিত থকা ৰাইজক সম্বোধন কৰে তিনিওগৰাকী নেতাই ৷
লগতে পঢ়ক:অসম বচাওঁ আহক কাৰ্যসূচীৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰ