অসম

assam

ৰাজ্যজুৰি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

নিবনুৱা সমস্যা বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি,ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক অৱস্থাৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰি বিৰোধী দল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷

By

Published : Nov 29, 2019, 3:55 PM IST

Published : Nov 29, 2019, 3:55 PM IST

congress protest against bjp
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক, 29 নৱেম্বৰ :সমগ্ৰ ৰাজ্যত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। নিবনুৱা সমস্যা বৃদ্ধি,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকে ধৰি সৃষ্টি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰি বিৰোধী দল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে খাগৰিজান আৰু পাখিমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই বিজেপি চৰকাৰে মুখত মিঠা কথা কৈ পিছফালে ছুৰী মাৰে বুলি মন্তব্য কৰে ৷

নগাঁৱত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

মাৰ্ঘেৰিটাতো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাজ্যিক মুখপাত্ৰ মনোৰন্ঞ্জন বৰগোহাঁইয়ে। নিবনুৱা সমস্যা সমাধান,মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

মাৰ্ঘেৰিটাত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

আৰু পঢ়ক : কেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ

বিলাসীপাৰাতো বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । বিলাসীপাৰা নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত বিলাসীপাৰা ব্লক, নায়েৰ আলগা,আৰু মহামায়া ব্লক কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক অৱস্থা,বিজেপি চৰকাৰৰ ব্যৰ্থতা,CAB মানি লোৱা নহ'ব নৰেন্দ্ৰ মোদী হায় হায়,সৰ্বানন্দ সোণোৱাল হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

বিলাসীপাৰাত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details