নগাঁও, 22 এপ্ৰিল: কংগ্ৰেছ কাৰো পৈতৃক সম্পত্তি নহয় । নগাঁও জিলা কংগ্ৰেছ ভৱনত এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । দীৰ্ঘদিনে নগাঁও কংগ্ৰেছ কেৱল ৰকিবুল হুছেইনৰ নিৰ্দেশত চলাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে হঠাৎ সাংসদগৰাকীয়ে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ কৰা এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য্য । নগাঁও জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সুৰেশ বৰাক দায়িত্ব অৰ্পন কৰা এই সভাতে সাংসদগৰাকীয়ে কৰে এই মন্তব্য (New president of Nagaon Congress)।
উল্লেখযোগ্য যে, ৰকিবুল হুছেইনৰ লগতে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক নুৰুল হুদাও উপস্থিত আছিল এই সভাখনত । আনহাতে পৱন সিং ঘাটোৱাৰ কোনো কাৰণতে কংগ্ৰেছ এৰি নাযায় বুলিও মন্তব্য কৰি বৰদলৈয়ে কয়, এয়া বিজেপি আৰু একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰহে । সভাখনত উপস্থিত থাকি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ । তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক পশ্চিমবংগৰ বাহিৰে আন ৰাজ্যৰ মানুহে চিনি নাপায় বুলি তীৰ্যক মন্তব্য গৌৰৱ গগৈৰ ।
অসমত তৃণমূলৰ কোনো ভেটি নথকা স্বত্বেও কেৱল ৰিপুন বৰাৰ যোগদানৰ পিছতেই তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য আৰম্ভ কৰা বিষয়টোৱেও লাভ কৰিছে বিশেষ চর্চা ।