অসম

assam

By

Published : Jan 22, 2021, 7:30 PM IST

ETV Bharat / state

অসম গণ পৰিষদত যোগদান জ‍্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতা বিন্দু গঞ্জুৰ

দল ত্যাগৰ যেন ঢৌ উঠিছে কংগ্ৰেছত । শুক্ৰবাৰে কংগ্ৰেছ দলত মোক্ষম আঘাত হানি অসম গণ পৰিষদৰ সদস্য পদ গ্ৰহণ কৰিলে চাহ জনগোষ্ঠীৰ জ‍্যেষ্ঠ নেতা তথা বিগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিন্দু গঞ্জুসহ কেইবাজনো নেতাই ।

অসম গণ পৰিষদত যোগদান জ‍্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতা বিন্দু গঞ্জুৰ
অসম গণ পৰিষদত যোগদান জ‍্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতা বিন্দু গঞ্জুৰ

কলিয়াবৰ, ২২ জানুৱাৰী: কলিয়াবৰত কংগ্ৰেছ জনজাতি নেতা শূন্য হোৱাৰ দিশে গতি কৰিছে । শুক্ৰবাৰে কলিয়াবৰৰ কেইবাগৰাকীও জ‍্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতাই যোগদান কৰিলে অসম গণ পৰিষদত । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা অসম চাহ মজদুৰ সংঘৰ উপ-সভাপতি, চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্রিয় নেতা বিন্দু গঞ্জুৱে শুক্ৰবাৰে অসম গণ পৰিষদৰ সদস্য পদ গ্ৰহণ কৰে । কলিয়াবৰস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত দলটোত বিন্দু গঞ্জুৱে অনানুষ্ঠানিকভাৱে যোগদান কৰে ।

অসম গণ পৰিষদত যোগদান জ‍্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতা বিন্দু গঞ্জুৰ

আনহাতে, চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি সন্মানীয় সুকদেৱ নায়ক, চাহ মজদুৰ সংঘৰ উপ-সভানেত্ৰী বাসন্তী তাঁতী, যুটীয়া সম্পাদক পৱিত্ৰ কুজুৰৰ লগতে কংগ্ৰেছ দলৰ পঞ্চায়ত সদস্যা গীতা দিগালে অসম গণ পৰিষদৰ সদস্যতা গ্ৰহণ কৰে । জানিব পৰা মতে, অহা ৩১ জানুৱাৰীত কলিয়াবৰত অনুষ্ঠিত হ'বলগীয়া অগপৰ ঐক্য সমাৰোহত আনুষ্ঠানিকভাৱে যোগদান কৰিব নেতা কেইজনে ।

নিৰ্বাচনৰ পূৰ্বে আন ৰাজনৈতিক দলসমূহে সাংগঠনিক ভেঁটি শক্তিশালী কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা বহুকেইগৰাকী নেতাই বিদায় মাগিছে । এনে কাৰ্যই দলটোক দুৰ্বল কৰি তোলা কথাকে সূচাইছে ।

লগতে পঢ়ক:আটক হ’ল বকো থানাৰ পৰা হেণ্ডকাপ ছিঙি পলোৱা গভাইত চোৰ

ABOUT THE AUTHOR

...view details