অসম

assam

ETV Bharat / state

কলিয়াবৰত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়া:দলত পদত্যাগৰ জোৱাৰ

কলিয়াবৰত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰশান্ত কুমাৰ শইকীয়াই টিকট লাভ কৰাৰ পিছতেই একাংশৰ মনত উমি-উমি জ্বলি থকা জুইকুৰাই এতিয়া সমগ্ৰ কলিয়াবৰৰ কংগ্ৰেছক আগুৰি ধৰিছে ৷ তাৰেই যেন বহিঃপ্ৰকাশ ঘটিল শনিবাৰে ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা পূৰ্বৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা কলিয়াবৰ যুৱ কংগ্ৰেৰ প্ৰাক্তন সভাপতি তপন বৰাই শনিবাৰে দলে-বলে এক বিশাল ৰেলীৰে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অগপ দলত যোগদান কৰে ৷

congress leader resign
কলিয়াবৰত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়াঃপদত্যাগৰ জোৱাৰ

By

Published : Mar 21, 2021, 12:01 PM IST

কলিয়াবৰ,21মাৰ্চ:কলিয়াবৰত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ চৰম পৰিণতি ৷ কলিয়াবৰত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰশান্ত কুমাৰ শইকীয়াই টিকট লাভ কৰাৰ পিছতেই একাংশৰ মনত উমি-উমি জ্বলি থকা জুইকুৰাই এতিয়া সমগ্ৰ কলিয়াবৰৰ কংগ্ৰেছক আগুৰি ধৰিছে ৷ তাৰেই যেন বহিঃপ্ৰকাশ ঘটিল শনিবাৰে ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা পূৰ্বৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা কলিয়াবৰ যুৱ কংগ্ৰেৰ প্ৰাক্তন সভাপতি তপন বৰাই শনিবাৰে দলে-বলে এক বিশাল ৰেলীৰে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অগপ দলত যোগদান কৰে ৷

কলিয়াবৰত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়াঃপদত্যাগৰ জোৱাৰ

ইতিপূৰ্বে, কংগ্ৰেছ দলৰ অসম কংগ্ৰেছ কিষাণ মৰ্চাৰ ৰাজ্যিক অধ্যক্ষ তথা কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে দলীয় পদ ত্যাগ কৰি মুকলিকৈ অগপ প্ৰাৰ্থীক সহায় কৰাৰ কথা ঘোষণা কৰিছিল ৷ ইয়াৰ উপৰি তপন বৰাৰ সমৰ্থকৰ এটা অংশই অগপ দলত যোগদান কৰি কংগ্ৰেছ দলৰ ভেটিত ইতিমধ্যে কঁপনি তুলিছিল ৷

আনহাতে, নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত কংগ্ৰেছ কৰ্মীৰ দলত্যাগে কলিয়াবৰ কংগ্ৰেছক একপ্ৰকাৰ নিঃচিহ্ন কৰাৰ বিপৰীতে অগপ দলৰ ভেটি শক্তিশালী কৰি তুলিছে ৷ উল্লেখ্য যে, শনিবাৰে যোগদান সভাত আমছুৰ কলিয়াবৰ জিলা আমছুৰ সম্পাদক মুজাহিদুল আলম সহ বহুকেইজন আমছু নেতাইও অগপ দলত আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ৷

লগতে পঢ়কঃদলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details