অসম

assam

ETV Bharat / state

কংগ্ৰেছত যোগদান কৰিয়ে আঙুৰলতাক কটাক্ষ চি পি এমৰ নেতা ভৰত কেওটৰ - ভৰত কেওঁট

আঙুৰলতাই গৌৰৱ গগৈক আমেৰিকালৈ পঠিয়াম কোৱাৰ কথাৰ আৰ্হি লৈ আঙুৰলতাই ভালকৈ ইংৰাজীয়ে লিখিব নোৱাৰে বুলি সমালোচনা চি পি এমৰ নেতা গৰাকীৰ ।

আঙুৰলতাক কটাক্ষ চি পি এমৰ নেতা ভৰত কেওঁটৰ

By

Published : Apr 9, 2019, 6:10 AM IST

বটদ্ৰৱা, ৯ এপ্ৰিল: সোমবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা,জাজৰি নিছানতল, হাতীযুঁজোৱাত অনুষ্ঠিত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে ।

আঙুৰলতাক কটাক্ষ চি পি এমৰ নেতা ভৰত কেওঁটৰ

বটদ্ৰৱা সমষ্টিত সোমবাৰে চলোৱা এই মাৰাথন প্ৰচাৰ অভিযানত গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱা মনি বৰা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী কংগ্ৰেছ নেতাৰ লগতে একালৰ এ আই ইউ ডি এফ দলৰ বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী মতিউৰ ৰহমানে সংগ দিয়ে ৷ ইফালে জাজৰি নিচানতলত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত চি পি আই নেতা ভৰত কেওটৰ নেতৃত্বত চি পি আই, অগপ আৰু বিজেপিৰ বহুসংখ্যক কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

ABOUT THE AUTHOR

...view details