অসম

assam

ETV Bharat / state

দলীয় অনুশাসন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব কংগ্ৰেছেঃ জিতেন্দ্ৰ সিং - সাংবাদিক

নগাঁৱত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক জিতেন্দ্ৰ সিং ৷ উপস্থিত হৈয়ে কংগ্ৰেছ দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য নেতা গৰাকীৰ ৷ বিধানসভা নিৰ্বাচন সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কেন্দ্ৰীয় নেতা গৰাকীৰ ৷

Congress Central Leader Jitendra Sing Visit Nagaon
দলীয় অনুশাসন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব কংগ্ৰেছেঃ জিতেন্দ্ৰ সিং

By

Published : Nov 3, 2020, 9:04 PM IST

নগাঁও, 3 নৱেম্বৰ :দলীয় অনুশাসন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ । নগাঁৱৰ দলীয় সভাত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক জিতেন্দ্ৰ সিঙে প্ৰদান কৰিলে এই মন্তব্য ৷

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমনসূচীৰে নগাঁৱত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে । মঙলবাৰে পুৱাই গুৰুজনাৰ জন্মস্থানত সেৱা জনাই নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত দলীয় যুৱ ব্ৰিগেডক সম্বোধন কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জিতেন সিঙে । আগন্তক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে যুৱ ব্ৰিগেডেই শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে জিতেন্দ্ৰ সিঙে ।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক জিতেন্দ্ৰ সিঙৰ মন্তব্য

লগতে পঢ়ক :দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ

ইয়াৰ পিচতে নগাঁও ৰাজীৱ ভৱনৰ সভাকক্ষত সাংবাদিক প্ৰবেশৰ অনুমতি নিদিয়াকৈ অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে । সভাৰ অন্তত সাংবাদিকৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে । ইফালে, ৰকিবুল হুছেইনে লোকসভা নিৰ্বাচন নেখেলাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও ৰকিবুল হুছেইনৰ সমষ্টিৰ পৰা নিৰ্বাচন নেখেলাৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ মাজত কোনো সংঘাত নাই বুলিও মন্তব্য কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে ।

লগতে, দলীয় অনুশাসন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে । আগন্তক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো 100 শতাংশ নিশ্চিত বুলিও মন্তব্য কৰে । আনহাতে, মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয় কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিচতহে মুখ্যমন্ত্ৰী বাছনি কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে জিতেন্দ্ৰ সিঙে ।

লগতে পঢ়ক :পশ্চিমবংগত তিনিগৰাকী তৃণমুল নেতাৰ ওপৰত গুলিচালনা

ABOUT THE AUTHOR

...view details