বঢ়মপুৰ , 28 আগষ্টঃনগাঁৱৰ বঢ়মপুৰৰ আৰ্দশ গাঁৱত এডাল বিষাক্ত ফেঁটী সাপ উদ্ধাৰ হয়৷ বিষাক্ত ফেঁটীসাপডাল হঠাৎ এটা দ গাঁতত পৰি দিশহাৰা হৈ পৰে ৷
নগাঁৱৰ এটা দ কুঁৱাত এডাল বিষাক্ত চকৰী ফেঁটীৰ মৰণপন যুঁজ - barhampur
এই বিষাক্ত সাপডাল চাবলৈ আৰ্দশ গাঁৱত যথেষ্ট লোকৰ সমাগম ঘটে ৷
দ কুঁৱাত এডাল বিষাক্ত চকৰী ফেঁটীৰ মৰণপন যুঁজ
স্থানীয় ৰাইজে বহু চেষ্টা কৰিও বিষাক্ত তথা বিৰল প্ৰজাতিৰ ফেঁটী সাপ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷ নিজৰ জীৱনটো বচাবলৈ অশেষ চেষ্টা কৰি চটফটাই ফুৰা সাপডালক অৱশেষত দুলু বৰা নামৰ এজন লোকে 20 ফুট দ গাঁতটোৰ পৰা উদ্ধাৰ কৰে ৷ সাপডাল উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমী দুলু বৰাই এখন সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে৷