নগাঁও, 16 জুলাই :বৃহস্পতিবাৰে দুপৰীয়া ভাগত মৰা-ডিফলু বানে ধুই নিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত অঞ্চল পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উদ্যানৰ বাগৰি বনাঞ্চলত যন্ত্ৰচালিত নাৱেৰে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ পৰিদৰ্শনৰ সময়ছোৱাত কৰ্তৃপক্ষই নিৰ্মাণ কৰা কেইবাটাও 'উচ্চ ভূমি'ত বানৰ পৰা পৰিত্ৰাণ বিচাৰি আশ্ৰয় লৈ থকা গঁড় প্ৰত্যক্ষ কৰে সোণোৱালে ৷ বানৰ কৱলত থকা দুটা বন শিবিৰ ক্ৰমে মৰফুলনি আৰু গৰাকাটিৰ বন সুৰক্ষা কৰ্মীৰে বাৰ্তালাপ কৰি উচ্চ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
সংবাদকৰ্মীৰে হোৱা বাৰ্তালাপত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সুৰক্ষা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সুৰক্ষাৰ বাবে দাঁতিকাষৰীয়া নগাঁও, গোলাঘাট, শোণিতপুৰ, কাৰ্বি-আংলং আৰু বিশ্বনাথ জিলাৰ বাসিন্দাৰ সচেতনতাৰ শলাগ লয় তেওঁ । বহু জীৱ-জন্তু বিশেষকৈ সহস্ৰাধিক পহু কাৰ্বি পাহাৰৰ পৰা সুৰক্ষিত অৱস্থাত উভতাই আনিবলৈ কাৰ্বি-আংলং জিলা প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিয়া বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।