অসম

assam

ETV Bharat / state

তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব বটদ্ৰৱা : মুখ্যমন্ত্ৰী - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । কেইবাটাও কাৰ্যসূচী লৈ বটদ্ৰৱাত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta visits Batadraba) ৷ এজাহাৰ লিখাৰ নামত দালালি কৰাৰ অভিযোগত এনিশাত ২৪২ জন লোকক গ্ৰেপ্তাৰ সম্পৰ্কতো মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ (CM Himanta reacts on arrest of illegal brokers) ।

CM Himanta visits Batadraba than announces fund for it
তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব বটদ্ৰৱা : মুখ্যমন্ত্ৰী

By

Published : Jan 16, 2022, 5:01 PM IST

Updated : Jan 16, 2022, 5:13 PM IST

নগাঁও, 16 জানুৱাৰী :দুদিনীয়া ভ্ৰমণসূচীলৈ নগাঁৱলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে উপস্থিত হয় গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত (CM Himanta Bishwa Sarma in Batadraba) । দেওবাৰে বটদ্ৰৱাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ প্ৰথমে থানৰ উন্নীতকৰণ হোৱা কীৰ্তন ঘৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে কীৰ্তন ঘৰটোৰ উন্নীতকৰণৰ কাম । বটদ্ৰৱা থানৰ গুৰু আসন প্ৰতিষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰীয়ে । পিছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সৈতে হোৱা আলোচনাৰ অন্তত বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ১৯ কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (CM Himanta announces fund for Batadraba than) ।

তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব বটদ্ৰৱা : মুখ্যমন্ত্ৰী

বটদ্ৰৱা থানৰ প্ৰৱেশদ্বাৰ, সভাগৃহ, সত্ৰাধিকাৰ চ’ৰা নিৰ্মাণৰ বাবে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সৈতে হোৱা আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৰুজনাৰ জন্মস্থান উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰকল্পৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । চৰকাৰে গ্ৰহণ কৰা প্ৰকল্পৰ কাম সম্পূৰ্ণ হলে গুৰুজনাৰ জন্মস্থান তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে, শনিবাৰে নিশা সমগ্ৰ ৰাজ্যৰ মুঠ ২৪২ গৰাকী এজাহাৰ লিখা লোকক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই । আৰক্ষী থানাৰ সমীপত বহি এজাহাৰ লিখাৰ নামত দুখীয়া-দৰিদ্ৰ লোকক হাৰাশাস্তি কৰা লোকক ৰেহাই দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta reacts on arrest of illegal brokers) ।

লগতে পঢ়ক :এনিশাৰ ভিতৰত আটক দুই শতাধিক দালাল; এজাহাৰ লিখাৰ নামত কৰিছিল দালালি

Last Updated : Jan 16, 2022, 5:13 PM IST

ABOUT THE AUTHOR

...view details