বটদ্ৰৱা,6 আগষ্টঃনগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত চাইল্ডলাইন আৰু জাজৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় এগৰাকী ১২ বছৰীয়া কিশোৰী । মাতৃ হাৰা ১২ বছৰীয়া কিশোৰী গৰাকীক পঢ়া-শুনা কৰোৱাৰ বিপৰীতে মাহী মাক পতু দেৱী আৰু দেউতাক গোলাপ চন্দ্ৰ নাথে লোকৰ ঘৰত কাম কৰিবলৈ শিশু শ্ৰমিক হিচাপে নিয়োজিত কৰি আহিছিল ৷ কিন্তু কিশোৰী গৰাকীয়ে লোকৰ ঘৰত কাম নকৰি ঘৰলৈ উভতি অহাত মাহী মাকে কিশোৰী গৰাকীক শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে, মাহীমাকে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰাকৈ শিকলিৰে ভৰিত বান্ধি পাশৱিক নিৰ্যাতন চলায় । এই কিশোৰী গৰাকীৰ এনে দুৰৱস্থাৰ কথা জানিব পাৰি স্থানীয় সচেতন ৰাইজে খবৰ দিয়ে চাইল্ডলাইনক ।সেই খবৰৰ ভিত্তিতে চাইল্ডলাইনে সোমবাৰে জাজৰি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী গৰাকীক ।
নগাঁৱৰ বেবেজীয়াত কিশোৰীৰ ওপৰত পাশৱিক নিৰ্যাতন মাহীমাকৰ - জাজৰি আৰক্ষী
চাইল্ডলাইন আৰু আৰক্ষীৰ অভিযানত উদ্ধাৰ এগৰাকী ১২ বছৰীয়া কিশোৰী
কিশোৰীৰ ওপৰত পাশৱিক নিৰ্যাতন মাহীমাকৰ
ইফালে কিশোৰী গৰাকীক শ্ৰমিক হিচাপে নিয়োজিত কৰা আৰু শাৰীৰিক অত্যাচাৰ কৰি অহা পিতৃ-মাতৃৰ বিৰুদ্ধে নগাঁও জিলা শিশু কল্যাণ সমিতিয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে । অৱশ্যে কিশোৰীগৰাকীৰ ওপৰত পিতৃ আৰু মাহীমাকে চলোৱা পাশৱিক নিৰ্যাতন চলোৱাৰ অভিযোগত জাজৰি আৰক্ষীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ৷