অসম

assam

ETV Bharat / state

শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন
শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

By

Published : Jul 3, 2021, 8:03 PM IST

Updated : Jul 3, 2021, 9:13 PM IST

19:57 July 03

নগাঁৱত শ্ৰমিক হিচাপে ৰখা শিশুক অকথ্য নিৰ্যাতন। মালিকৰ নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা পলায়ন শিশুটিৰ। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ এটি পৰিয়ালত আছিল শিশুটি। শনিবাৰে হয়বৰগাঁৱত অসহায় অৱস্থাত উদ্ধাৰ হয় শিশুটি। শিশুটি উদ্ধাৰৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

নগাঁও, 3 জুলাই :নগাঁৱত শিশু শ্ৰমিকত ওপৰত মালিকৰ অকথ্য নিৰ্যাতন । অসহায় অৱস্থাত উদ্ধাৰ নিৰ্যাতন সহিব নোৱাৰি পলায়ন কৰা সাতবছৰীয়া শিশু । সোধ পোছৰ বাবে আটক মালিক । শিশু শ্ৰমিকৰ (Child Labour) বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো মুখাপিন্ধা একাংশই শিশু শ্ৰমিক ৰখাই নহয় শিশু শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱাৰ ঘটনা সংঘটিত হৈয়েই আহিছে । 

শনিবাৰে নগাঁৱতো পোহৰলৈ আহিছে এনে এক জঘণ্য ঘটনা । ঘৰত শ্ৰমিক হিচাপে ৰখা শিশুক হেতাৰে প্ৰহাৰ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে মালিকৰ বিৰুদ্ধে । শনিবাৰে বিয়লি হয়বৰগাঁৱত অসহায় অৱস্থাত উদ্ধাৰ হয় এটি সাতবছৰীয়া শিশু । স্থানীয় একাংশ লোকে উদ্ধাৰ কৰাৰ পিছত শিশুটিয়ে বিষয়টো অৱগত স্থানীয় লোকক। 

লগে লগে স্থানীয় লোকে হয়বৰগাঁও আৰক্ষী চকীত খবৰ দিয়াৰ লগতে চাইল্ড লাইনতো (Child Line) খবৰ দিয়ে । পৰৱৰ্তী সময়ত হয়বৰগাঁও আৰক্ষীয়ে উত্তৰ হয়বৰগাঁৱৰ মালিকৰ ঘৰত অভিযান চলাই অভিযুক্ত ব্যৱসায়ী দীপক প্ৰসাদ গুপ্তাক সোধ পোছৰ বাবে আটক । 

উল্লেখযোগ্য যে,  নগাঁৱৰ লাওখোৱাৰ সাত বছৰীয়া কণ্যা শিশুটিক নিজৰ সন্তানৰ দৰে তুলি লোৱাৰ প্ৰতিশ্ৰুতিৰে আনি শ্ৰমিক হিচাপে ঘৰৰ সকলো কাম কৰোৱাৰ উপৰিও বিভিন্ন সময়ত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে মালিকজনৰ বিৰুদ্ধে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ প্ৰকৃত ঘটনা।

লগতে পঢ়কঃ সমষ্টিত মটৰ চাইকেলেৰে প্ৰাতঃভ্ৰমণ বিধায়ক অখিল গগৈৰ

Last Updated : Jul 3, 2021, 9:13 PM IST

ABOUT THE AUTHOR

...view details