অসম

assam

ETV Bharat / state

Cow theft in Kaliabor: কলিয়াবৰত গৰু চোৰে টোপনি হৰিছে ৰাইজৰ - Cattle smuggling in Assam

ৰাজ্যত বৰ্তমানেও অব্য়াহত আছে গৰুৰ চোৰাং ব্য়ৱসায় । গৰু চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কলিয়াবৰত । পুৱা হ'লেই গোহালিত গৰু দেখা নাপায় গৃহস্থই । বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে কৃষিজীৱি ৰাইজে ।

Cattle smuggling in Kaliabor
কলিয়াবৰত গৰু চোৰে টোপনি হৰিছে ৰাইজৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:08 PM IST

কলিয়াবৰত গৰু চোৰে টোপনি হৰিছে ৰাইজৰ

কলিয়াবৰ,১৪ অক্টোবৰ: 'যাৰ নাই গৰু সাবাটোকৈ সৰু' আপ্ত বাক‍্যশাৰী প্ৰমাণিত হৈছে কলিয়াবৰত । গৰু-গাইৰে ভৰি থকা গোহালি চোৰে উদং কৰাৰ পাছতে উপাৰ্জনৰ পথ হেৰুৱাই বিপদত পৰিছে দৰিদ্ৰ পৰিয়াল । নিশা হ'লেই কলিয়াবৰত গৰু চোৰে চলাই গোহালি চাফাই অভিযান । দৰিদ্ৰ পৰিয়ালৰ মৰমৰ গো-ধনৰ ওপৰত গৰু চোৰৰ চকু । বলধ গৰু হালেৰে খেতিৰ দিনত খেতি কৰো বুলি ভাবিবলৈকে টান হৈছে কলিয়াবৰত ।

গাই গৰু এজনী পুহি দৰিদ্ৰ পৰিয়ালে গৰুৰ গাখীৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ চিন্তা কৰিব নোৱৰা হৈ পৰিছে । কাৰণ কলিয়াবৰত এতিয়া সৰ্বত্ৰে পুৱা হ'লে গোহালিত মৰমৰ গৰুকেইটা দেখা নাপায় ৰাইজে । যাৰ ফলত দৰিদ্ৰ পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । কলিয়াবৰৰ কুঠৰী, দলগাঁও, হাতীগাঁও, নলতলী, চিকনী, বৰভগীয়া, পূবথৰীয়া, চতিয়ালকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা দৈনিক চোৰে গোহালিৰ পৰা চুৰ কৰে গো-ধন ।

গৰু চুৰি কাৰ্যৰ লগত জড়িত চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম নহয় আৰক্ষী । গাঁওৰক্ষী বাহিনীও ঘোৰ নিদ্ৰাত । শেহতীয়াকৈ, কুঠৰীত গৰু চোৰে দুঘৰৰ গোহালি উদং কৰি লৈ গ'ল গৰু। আনহাতে গোলাঘাট জিলাৰ বিহৰা বজাৰত মুকলিকৈ গৰু বিক্ৰীৰ অনুমতি দিয়াৰ পাছতেই কলিয়াবৰত গৰু চুৰিৰ ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ ভুক্তভোগীৰ । চকুলো টুকি দুৰ্ভগীয়া পৰিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে বিহৰা গৰু বজাৰখন বন্ধ কৰি দিবলৈ । বিহৰা গৰু বজাৰ বন্ধ হ'লেই গৰু চুৰি ঘটনা বন্ধ হ'ব বুলি দাবী কৰে ভুক্তভোগী পৰিয়ালে ।

উল্লেখ্য যে, গৰুৰ চোৰাং বেহা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কঠোৰ হৈ পৰিছে প্ৰশাসন । বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে চোৰাং গৰু । আটক কৰিছে চোৰাং গৰু সৰবৰাহকাৰীক । কিন্তু ইমানৰ পাছতো একাংশই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে গৰুৰ চোৰাং ব্যৱসায় । কেবল কলিয়াবৰতে নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে গৰু চোৰে ত্ৰাসৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে গৰু চোৰৰ উপদ্ৰৱ যে বৃদ্ধি পাই গৈ থাকিব সেয়া নিশ্চিত ।

লগতে পঢ়ক:Women trafficking: বিলাসীপাৰাত নাৰী সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details