বঢ়মপুৰ,27জানুৱাৰী:সমগ্ৰ ৰাষ্ট্ৰজুৰি মঙলবাৰে 72 তম গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তেনগাঁও জিলাৰ কামপুৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ কামপুৰ চাংচকী পথাৰত অগণন ৰাইজে ভিৰ কৰিলে ম’হ যুজঁ চাবলৈ ৷
গণৰাজ্য দিৱসৰ দিনাই কামপুৰ চাংচকী পথাৰত অগণন ৰাইজে কি কৰিছে ! - বছৰ বছৰ ধৰি
কামপুৰ চাংচকী পথাৰত তুমুল যুজঁ গুণা ম’হৰ। ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ন্যায়লয়ৰ বাধাকো নেওচি কামপুৰ চাংচকী পথাৰত ম'হ পালক সকলে গণৰাজ্য দিৱসৰ দিনাই অনুষ্ঠিত কৰিলে ম'হ যুঁজ ৷ ইপিনে গুণা ম'হৰ যুজেঁ আপ্লুত কৰিলে পথাৰত উপস্থিত অগণন ৰাইজক ৷
গণৰাজ্য দিৱসৰ দিনাই কামপুৰ চাংচকী পথাৰত অগণন ৰাইজে কি কৰিছে !
জানিব পৰা মতে,বছৰ বছৰ ধৰি চাংচকী পথাৰত অনুষ্ঠিত কৰি অহা ম’হৰ গোৱালসকলে অনানুষ্ঠানিকভাৱে আয়োজন কৰা ম’হযুজ চাবলৈ ভিৰ কৰেহি হাজাৰ হাজাৰ লোকে । উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাত ২৪ টাকৈ গুণা ম'হে যোগদান কৰে বুলি গোৱালসকলে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ কৃষক বিদ্ৰোহঃ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ
Last Updated : Jan 27, 2021, 8:59 AM IST