অসম

assam

ETV Bharat / state

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

আত্মীয় স্বজনৰ দ্বাৰা অৱহেলিত হৈ নগাঁও চহৰৰ পদপথৰ সদস্য হৈ পৰা এগৰাকী নিঃসহায় শাৰিৰীক ভাৱে অক্ষম বৃদ্ধাক উদ্ধাৰ কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে প্ৰেৰণ কৰিলে বৃদ্ধাশ্ৰমলৈ

By

Published : Apr 24, 2019, 9:15 AM IST

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

বঢ়মপুৰ, 24 এপ্ৰিলঃ এগৰাকী অৱহেলিত নিঃসহায় বৃদ্ধাক পদ পথৰ পৰা উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিলে নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে । নগাঁও জিলাৰ ডিমৰুগুৰি আমতল পথৰ নিৱাসী সৰুমাই কলিতা বিগত কিছু দিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত ভঙা ভৰিৰে চুচৰি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। জানিব পৰা মতে তেখেতৰ পুত্ৰ সন্তান নাছিল যদিও বিবাহিত একমাত্ৰ জীয়ৰীৰ লগতে জীৱন অতিবাহিত কৰিছিল। কিন্তু জীয়ৰীৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাত বৃদ্ধা সৰুমাই কলিতাই দিনটোৰ বাবে নগাঁও চহৰৰ পদ পথত এনেদৰে ভিক্ষা মাগি ফুৰে ।

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

চ'ছিয়েল মিডিয়াত বৃদ্ধা গৰাকীৰ এই দুৰ্বিসহ জীৱনৰ বিষয়ে অৱগত হোৱাৰ পিচত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে এটি সজাতি দল লৈ ডিমৰুগুৰিৰ আমতল পথত থকা তেওঁৰ জীয়ৰীৰ ঘৰৰ পৰা বৃদ্ধা সৰুমাই কলিতাক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্থিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। বৃদ্ধাগৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হয় আৰু অনাগত দিনত বৃদ্ধাগৰাকীৰ অনান্য চিকিৎসাজনিত ব্যৱস্থাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে ।

ABOUT THE AUTHOR

...view details